ৰে’লৰ খুন্দাত পুনৰ প্ৰাণ গ’ল বন্যহস্তীৰ, ৰে’লে মহটিয়াই নিলে মাকৰ সৈতে এবছৰীয়া হাতী পোৱালি…

ৰাজ্যত ৰে’লৰ খুন্দাত পুনৰ প্ৰাণ গ’ল বনৰীয়া হাতীৰ।

তিতাবৰত নিশা ৰে’লে মহটিয়ালে দুটাকৈ হাতীক।

খৰিকটীয়া ষ্টেচনৰ সমীপৰ ৰে’লআলিত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ঘটিল হাতী দুটাৰ।

নিহত বন্যহস্তী দুটা মাক আৰু পোৱালি হাতী।

নিশা ১১ বজাত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় হাতী দুটা।

দ্ৰুতবেগী ৰে’লখনে প্ৰায় ১০০ মিটাৰ চোঁচৰাই নিলে হাতীকেইটাক।

ৰে’লৰ খুন্দাত থিতাতে নিহত হোৱা হাতী পোৱালিটোৰ বয়স ১ বছৰ।

আনহাতে প্রায় ৬ ঘণ্টাৰ অন্তত বিনা চিকিৎসাত মৃত্যু হয় মাকজনীৰো।

বন বিভাগে আগতীয়াকৈ হাতীৰ খবৰ দিছিল ৰে’ল বিভাগক। কিন্তু ৰে’লৰ চালকে গতি গম নকৰাৰ অভিযোগ বন বিভাগৰ।

যাৰ ফলত অতি কৰুণভাৱে মৃত্যু হয় দুটাকৈ হাতীৰ।