বিমুদ্ৰাকৰণৰ কি নাজানে তেওঁ! ভিক্ষা মাগি জমা কৰা ধনখিনিক লৈ বিমোৰত এগৰাকী বৃদ্ধ…

২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰীয় মোডী চৰকাৰে গ্ৰহণ কৰিছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্ত।

যাৰ ফলত দেশত বন্ধ হৈ পৰিছিল ৫০০ আৰু ১০০০ টকীয়া পুৰণি নোট।

কিন্তু পুৰণি নোটসমূহ বাতিল হোৱাৰ দীৰ্ঘ সময়ৰ পাছতো এই বিষয়ে জ্ঞাত নহয় এগৰাকী ৭০ বছৰীয়া বৃদ্ধ।

বহু বছৰ ধৰি জমা কৰা এটি পুৰণি নোটৰ টোপলা লৈ ঘূৰি ফুৰিছে চিন্নাকান্নু নামৰ এগৰাকী অন্ধ ব্যক্তিয়ে।

ৰাজপথতেই জীৱন অতিবাহিত কৰে চিন্নাকান্নু নামৰ অন্ধ ব্যক্তিজনে।

শেহতীয়াভাৱে দেওবাৰে বিমুদ্ৰাকৰণৰ বিষয়ে জানিব পাৰি নিজৰ সাঁচতীয়া ধনখিনি সলনি কৰিবলৈ হাবাথুৰি খাইছে বৃদ্ধ গৰাকী।

পুৰণি ৫০০ আৰু ১,০০০ টকাৰ নোট সলনি কৰাৰ বাবে সকলোৰে পৰা সহায় ভিক্ষা কৰি ফুৰিছে লোকজনে।

দুৰ্ভগীয়া ব্যক্তিগৰাকীৰ হাতত থকা এই ধনৰাশিৰ পৰিমাণ মুঠ ৬৫,০০০ টকা।

তেওঁ দাবী কৰা অনুসৰি ভিক্ষাৰ জৰিয়তে উপাৰ্জন কৰা এই ধনৰাশি তেওঁ অতি কষ্টৰে সঞ্চয় কৰি ৰাখিছিল।

তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ চিন্নাগুন্দনুৰ গাঁৱৰ বাসিন্দা চিন্নাকান্নু নামৰ লোকজনে সম্প্ৰতি কালেক্টৰ অফিচতো এখন আবেদন দাখিল কৰিছে।

আবেদনত তেওঁ বহু বছৰ ধৰি অঞ্চলটোত ভিক্ষা কৰি এই ধন সংগ্ৰহ কৰাৰ লগতে বৃদ্ধ বয়সত এই ধনৰাশি ব্যৱহাৰ কৰাৰ আশাত সংগ্ৰহ কৰি ৰাখিছিল বুলিও উল্লেখ কৰিছে।

অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক বিমুদ্ৰাকৰণ কৰা এই নোটসমূহ প্ৰচলিত নোটলৈ ৰূপান্তৰ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছে বৃদ্ধগৰাকীয়ে।

Leave a Comment