এগৰাকী অসম সন্তানৰ চমক।
সাজি উলিয়ালে ৪জন লোক বহিব পৰা এখন বিশষ স্কুটাৰ।
ধিঙৰ অতুল দাস নামৰ এজন যুৱকে নিজ চেষ্টাৰ বলত সাজি উলিয়াইছে চাৰিজন ব্যক্তি বহিব পৰা এই বিশেষ স্কুটাৰখন।
বজাৰত সচৰাচৰ উপলব্ধ স্কুটাৰতকৈ ব্যতিক্ৰমী এই স্কুটাৰখন নিৰ্মাণ কৰি উলিওৱাৰ পিছতে এতিয়া চৰ্চা লাভ কৰিছে যুৱকজনে।
জানিব পৰা মতে, অতুল দাস নামৰ যুৱকজন পেছাত এজন মটৰচাইকেল মেকানিক।
তেওঁ ধিং চাৰিআলিত এ,ডি অটমবাইলছ নামৰ এটি ক্ষুদ্ৰ গেৰেজৰ স্বত্বাধিকাৰী।
যুৱক জনে সুদীৰ্ঘ তিনি বছৰৰ অন্তত ৩০ হেজাৰ ব্যয়েৰে এই বিশেষ স্কুটাৰ খন নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয়।
সম্প্ৰতি যুৱক জনৰ এই উদ্ভাৱনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।









