বিমান বন্দৰত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি ১১৩ কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী।
এই সফলতা লাভ কৰে কলিকতা আৰক্ষীয়ে।
পশ্চিমবংগৰ কলিকতা বিমান বন্দৰত ১৬ কেজি ১৫ গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে, যাৰ বজাৰ মূল্য ১১৩ কোটি টকা।

লগতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী মহিলাসহ এজন লোকক।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি মহিলা দুগৰাকী পূৱ আফ্ৰিকাৰ দেশ মালাৱীৰ, লগতে পুৰুষজন কেনিয়াৰ।
তিনিওজনৰে চাৰিটা বেগ আছিল।
বেগৰ ভিতৰতে ১৪ টা ড্ৰাগছ ভৰ্তি পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ চকুত ধৰা নপৰিবৰ বাবে মহিলা দুগৰাকীয়ে ভাৰতলৈ মেডিকেল ভিছা লৈ আহিছিল।
আনহাতে পুৰুষ সৰবৰাহগৰাকীয়ে বিজনেছ ক্লাছত যাত্ৰা কৰিছিল।









