অসম

বিজেপি–AIUDF ভাই ভাই, AIUDF অসমীয়া জাতিৰ শত্ৰু দলঃ অখিল গগৈ…

AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা অপমানসূচক মন্তব্যক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে।

AIUDFক অসমীয়া জাতিৰ এটা শত্ৰু দল আখ্যা অখিল গগৈৰ।

অখিল গগৈয়ে, ‘AIUDFৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে। অসমীয়া ভাষাক অপমানত AIUDFৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিৰূপ আচৰণ প্ৰতিফলিত হৈছে।’

আনহাতে, বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিজনে আৰু AIUDFৰ সাতজন বিধায়কে বিজেপিক ভোট প্ৰদান কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে।

লগতে বিজেপি–AIUDF ভাই-ভাই বুলিও কয় অখিল গগৈয়ে।

ৰাজ্যসভা নিৰ্বাচনত AIUDF–এ আটাইতকৈ বেছি গাড্ডাৰী কৰিছে বুলি কয় অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *