বিমানবন্দৰত চাৰ্জ দিয়া লাইটৰ ভিতৰৰ পৰা ওলাল ৬.੦৬ কিলাে চােৰাং সােণ!

নিউজ ডেস্ক। বিদেশৰ পৰা ৰাজহ ফাঁকি দি অব্যাহত আছে সােণৰ চােৰাং বেহা।

ইয়াৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰবৰাহকাৰী চক্ৰই।

এইবাৰ ৰিচাৰ্জ দিয়া লাইটৰ ভিতৰৰ পৰা ওলাল ২.৯৬ কােটি টকা মূল্যৰ ৬.੦৬ কিলাে ওজনৰ চােৰাং সােণ।

এই সফলতা লাভ কৰিছে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্মৰত সীমা শুল্ক বিভাগে।

photo-2021-10-19-19-57-24

জানিব পৰা মতে, বিভাগে ইকে ৫২৪ নম্বৰৰ বিমানত ডুবাইৰ পৰা অহা এজন যাত্ৰীৰ পৰা ৰিচাৰ্জেবল লাইটৰ ভিতৰত লুকুৱাই ৰখা ৬.০৬ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰে।

হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শুল্ক বিষয়াসকলে কয় যে যাত্ৰীজনৰ বিৰুদ্ধে চোৰাং ব্যৱসায়ৰ গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।

Leave a Comment