কৃত্ৰিম বানৰ মাজত অঘটন! ইনভাৰ্টাত সােমাল পানী, বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। কৃত্ৰিম বানৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু।

এই কৰুণ ঘটনা সংঘটিত হ’ল গুৱাহাটী মহানগৰীৰ পাণ্ডুত।

জানিব পৰা মতে, মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ মাজতে পাণ্ডুৰ টেম্প’লঘাটত বিদ্যুৎস্পৃষ্ট হৈ মেহেন্দী বৰুৱা নামৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱলগীয়া হয়।

মংগলবাৰে বিয়লি প্ৰায় ৩ বাজৰ পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত সন্ধিয়াৰ পৰা পিছফালৰ নলাৰে মানুহগৰাকীৰ ঘৰৰ ভিতৰত পানী সোমায় আৰু ইনভাৰ্টাৰত শ্বৰ্ট চাৰ্কিট হয়।

সেই সময়তে মহিলাগৰাকীয়ে ইনভাৰ্টাৰটোৰ ছুইচ অফ কৰিবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কিছু দূৰত ছিটিকি পৰে।

ততাতৈয়াকৈ মহিলাগৰাকীক মালিগাঁৱৰ স্বাগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইপিনে এই ঘটনাৰ বাবে স্থানীয় লোকসকলে লোকনিৰ্মাণ বিভাগক পোনপোটীয়াকৈ জগৰীয়া কৰিছে।

অভিযোগ অনুসৰি লোকনিৰ্মাণ বিভাগে অপৰিকল্পিতভাৱে নতুনকৈ নিৰ্মাণ কৰা পাণ্ডু-কামাখ্যা পথটোৰ বাবেই অঞ্চলটো কৃত্ৰিম বানত বুৰ গৈছে।

পূৰ্বে কেতিয়াও কৃত্ৰিম বান নোহোৱা অঞ্চলটো নতুনকৈ এজাক বৰষুণতে বুৰিবলৈ লোৱাত স্থআনীয় লোকসকল ক্ষুব্ধ হৈ পৰিছে।

Leave a Comment