বিনীত বাগাৰিয়া আত্মহত্যা গোচৰৰ মূল অভিযুক্ত বৈদুল্লা খানৰ বিৰুদ্ধে ইনষ্টলমেণ্টত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়েঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্কঃ বৈদুল্লা খানৰ বিৰুদ্ধে ইনষ্টলমেণ্টত ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। -এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যা গোচৰৰ মূল অভিযুক্ত হৈছে বৈদুল্লা খান। ৭০ৰ দশকত আফগানিস্তানৰ পৰা আহি অসমত থিতাপি লোৱা বৈদুল্লা খানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষী।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীৰ জিম্মাত আছে বৈদুল্লা খান। লগতে নিশান্ত শৰ্মা নামৰ আন এজন অভিযুক্তও বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

আনহাতে সোমবাৰে অসম আৰক্ষীৰ বিশেষ ডিজিপি জিপি সিঙে ডিব্ৰুগড়ত উপস্থিত হৈ বাহুবলী অপসংস্কৃতি অসমত নচলিব বুলি সকিয়নী দিয়াৰ পিছতে মঙলবাৰে পুৱাই বৈদুল্লা খানৰ অবৈধভাৱে নিৰ্মান কৰা বাসগৃহত উচ্ছেদ অভিযান চলিল ডিব্ৰুগড় প্ৰশাসনৰ।

পুৱাই জিলা প্ৰশাসনে বুলডোজাৰেৰে বৈদুল্লা খান আৰু আন এজন অভিযুক্ত চামচুল্লা খানৰ বাসগৃহ ভাঙি পেলায়। ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰে বৈদুল্লা খানৰ পিতৃ আৰু ভগ্নীকো।

বাহুবল দেখুৱাই ডিব্ৰুগড়ত আতংকৰ সৃষ্টি কৰা বৈদুল্লা খান কাবুলীৱালাও বুলি ইতিমধ্যে জানিবলৈ দিছে আৰক্ষীয়ে। অভিযুক্তজনৰ সমষ্ট গোষ্ঠী পৰীক্ষা কৰা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়েও।

মুখ্যমন্ত্ৰীয়ে কয় যে আজি বৈদুল্লা খানৰ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেয়া প্ৰথম ইনষ্টলমেণ্টহে। পৰৱৰ্তী সময়ত তেওঁৰ কৰ্মকাণ্ড সকলো পৰীক্ষা কৰি ইনষ্টলমেণ্টত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।