নিউজ ডেস্কঃ এক ভংয়কৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২ জনকৈ আৰোহীয়ে।
এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে চিচিবৰগাঁও-চিলাপথাৰ পথৰ জলকীয়া সুঁতিৰ ভঙা দলঙত।
জানিব পৰা মতে, মঙলবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত পাচিঘাটৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা এআৰ ৯বি ৬৪৭২ নম্বৰৰ এখন জাইল’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়া সুঁতিৰ ভঙা দলঙৰ ৰেলিঙত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।
মুঠ ৮ জন যাত্ৰী থকা বাহনখনৰ ২ যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আনহাতে আন ৬ জন যাত্ৰীক স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।









