পথাৰৰ বোকা-পানীত ননমাকৈয়ে খেতিয়কে চহাব পাৰিব খেতিডৰা, দুলীয়াজানৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই কৰি দেখুৱাইছে অসম্ভৱকো সম্ভৱ

নিউজ ডেস্কঃ পথাৰৰ বোকা-পানীত ননমাকৈয়ে এতিয়াৰে পৰা নিজৰ মাটিডৰা চহাব পাৰিব কৃষকে। এক অনন্য সৃষ্টিৰে এনে অসম্ভৱকো সম্ভৱ কৰি তুলিছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই।

দুলীয়াজান মাছগাঁৱৰ এইগৰাকী মেধাৱী ছাত্ৰই কৃষকৰ সুবিধাৰ্থে সাজি উলিয়াইছে এখন বিশেষ ৰিমোট চালিত ট্ৰেক্টৰ। যাৰ জৰিয়তে পথাৰত ননমাকৈয়ে পাৰৰ পৰাই মাটি চহাব পাৰিব কৃষক সকলে।

উল্লেখ্য যে, সাধাৰণত খেতিৰ বতৰত পথাৰত যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগীয়া হয় খেতিয়কসকলে। প্ৰচণ্ড ৰ’দ, বৰষুণকো নেওচি খেতিপথাৰত দিনটো কষ্ট কৰিবলগীয়া হয় তেওঁলোকে।

এনে কাৰণতেই খেতিয়কৰ কষ্ট লাঘৱ কৰাৰ স্বাৰ্থত দুলীয়াজানৰ ছাত্ৰ অয়ন গগৈয়ে সাজি উলিয়াইছে সৌৰ শক্তিৰে ৰিমোৰ্ট চালিত এখন ট্ৰেক্টৰ।

দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ অয়নে এই অনন্য উদ্ভাৱনেৰে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অঞ্চলটোৰ চহা খেতিয়ক তথা সংবাদ মাধ্যমৰ।

আনহতে এই উদ্ভাৱনৰ জৰিয়তে ছায়েন্স এক্সজিভিজনত পুৰস্কাৰ বুটলিবলৈও সক্ষম হৈছে মেধাৱী ছাত্ৰ অয়ন গগৈয়ে।