অসমঅসমীয়া

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথক লৈ গুৱাহাটী উচ্চ ন‍্যায়ালয়ত PIL দাখিল

নিউজ ডেস্ক। ৰাজ‍্যৰ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ জৰাজীৰ্ণ অৱস্থাই সততে জ্বলা কলা খুৱাই ৰাজ‍্যবাসীক।

ঠিক তেনে এক সময়তেই ৰাজ‍্যৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাকলৈ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন‍্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন।

G3 13

মূলতঃ গুৱাহাটীৰ পৰা উজনি অসমৰ তিনিচুকীয়া লৈকে সমগ্র পথচোৱা বছৰৰ পিছত বছৰ ধৰি নিৰ্মাণৰ নামত চলি অহা ভেকোভাওনাক লৈয়ে এই PIL খন দাখিল কৰা হৈছে।

ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন খনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন‍্যায়ালয়ে কেন্দ্ৰীয় লোকনিৰ্মাণ বিভাগকে ধৰি সাতটাকৈ পক্ষলৈ জাননী প্ৰেৰণ কৰে।

জাননীখনত উল্লেখ থকা মতে ২৮ মাৰ্চৰ পূৰ্বে আটাইকেইটা পক্ষই শপতনামা আকাৰে সবিশেষ তথ্য দাখিল কৰিব লাগিব।

কিয় দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মিত হোৱা নাই তাৰ উত্তৰ দিব লাগিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে।

Leave a Reply

Your email address will not be published. Required fields are marked *