অসমঅসমীয়া

অভাৰলােড! বালি ভৰ্তি ডাম্পাৰৰ বাবে বিধ্বস্ত নতুনকৈ নিৰ্মাণ কৰা কাঠৰ দলং

নিউজ ডেস্ক। একাংশ অভাৰলােড শিল, বালি, মাটি কঢ়িওৱা ট্ৰাক-ডাম্পাৰৰ বাবে ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চলত বিধ্বস্ত হৈ পৰিছে বাট-পথ-দলং।

এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ নীৰৱ ভূমিকাৰ মাজতে এইবাৰ গােৱালপাৰা জিলাৰ অভাৰলােড বালি ভৰ্তি ডাম্পাৰৰ বাবে বিধ্বস্ত হৈ পৰিল নতুনকৈ নিৰ্মাণ কৰা এখন কাঠৰ দলং।

photo 2022 03 11 12 18 18

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ আগিয়া – লক্ষীপুৰৰ ব‍্যস্ততাময় পথত এই দুৰ্ঘটনা সংঘটিত হৈছে।

নতুনকৈ নিৰ্মিত এখন কাঠৰ দলঙত বালি ভৰ্ত্তি ডাম্পাৰ এখন উঠাই দিয়াৰ পিছতেই দলংখন দ্বি-খণ্ডিত হৈ পৰে।

জানিব পৰা মতে, দলংখনৰ কাষতে থকা ছাইনবৰ্ডত উল্লেখ থকা মতে দলং খনৰ বহন ক্ষমতা আছিল মাত্ৰ ৯ টন।

কিন্তু বালি কঢ়িওৱা ডাম্পাৰৰ ওজন ২੦ টনতকৈও অধিক হােৱাত এই ঘটনা সংঘটিত হয়।

ঘটনা সন্দৰ্ভত ডাম্পাৰ খনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিভাগীয় গোচৰ ৰজু কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *