অসম

দুৰ্ঘটনাত পতিত বিলাসী বাহন, বাহনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ…

নলবাৰীত দুৰ্ঘটনাত পতিত বিলাসী বাহন, বাহনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ লাউদল চকত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

গুৱাহাটীৰ পৰা এখন বিলাসী বাহনত কঢ়িয়াই আনিছিল গাঞ্জাখিনি।

দুর্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে ডব্লিউ বি ০৬ এইচ ৫৬৯৯।

সংঘটিত হোৱাৰ পিচতে নলবাৰী যান-বাহন আৰক্ষীয়ে দুর্ঘটনাস্থলীত উপস্থিত হৈ এজন যুৱকক উদ্ধাৰ কৰে যদিও আন এজনে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে।

FNfhNkwVIAI4Iu7

আৰক্ষীয়ে নিশাৰ ভাগতে গুৰুতৰভাৱে আহত এজন যুৱকজনক নলবাৰীৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱাই যদিও অতি সংকটজনক অৱস্থাত তেওঁক জি এম এইচলৈ প্ৰেৰণ কৰা হয়।

বিলাসী বাহনখনৰ ভিতৰত কাৰ্টনে কাৰ্টনে গাঞ্জাৰ পেকেট উদ্ধাৰ কৰে আৰক্ষীয়ে।

উদ্ধাৰ কৰা গাঞ্জাখিনিৰ পৰিমাণ প্রায় ৪৬ কিলোগ্রাম হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *