অসম

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল…

বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু।

শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে শ্বেৰমানৰ বিৰুদ্ধে।

সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে দাখিল কৰিলে এজাহাৰ।

উল্লেখ্য যে, ১৯৮৩ ৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল কংগ্ৰেছ বিধায়ক শ্বেৰমানে।

কংগ্ৰেছ দলৰ পৰা বিধায়কজনক বহিষ্কাৰ কৰাৰো দাবী তোলে সংগঠনটোৱে।

বহিষ্কাৰ নকৰিলে ৰাজীৱ ভৱন ঘেৰাও কৰাৰ হুংকাৰ সংগঠনটোৰ।

পূৰ্বেও বহুবাৰ বিধায়কগৰাকীয়ে অসমীয়াক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগ আনে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *