অসম

গৰুখুটিৰ হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ…

গৰুখুঁটিৰ ঘটনাক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে উত্তেজনা।

যোৱা ২৩ ছেপ্টেম্বৰত উচ্ছেদৰ সময়ত গৰুখুটিত চলা উচ্ছেদ অভিযানে হিংসাত্মক ৰূপ লৈছিল।

যাৰ ফলত মৃত্যু হৈছিল দুজনকৈ লোকৰ।

ইয়াৰ পিছতেই এই ঘটনাৰ তদন্তআৰম্ভ কৰিছিল আৰক্ষীয়ে।

বৃহস্পতিবাৰে অসম আৰক্ষীয়ে এই ঘটনাক উচতনি দিয়াৰ অভিযোগত আন‌ এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকজন ঢলপুৰৰ ৪০ বছৰীয়া ব্যক্তি ছাৰিফুদ্দিন।

জানিব পৰা মতে ছাৰিফুদ্দিন ২৩ ছেপ্টেম্বৰত হোৱা সংঘৰ্ষত ভৰিত গুলি লাগি আহত হৈছিল আৰু গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত চিকিৎসাধীন হৈ আছিল।

আৰক্ষীয়ে জনোৱা মতে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত তেওঁক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, সোমবাৰে চান্দ মামুদ (৪৭) আৰু আচমত আলি আহমেদ নামৰ আন দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *