অসম

নতুন শিক্ষানীতি অনুসৰি ২০২৩ৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ, দ্বাদশ শ্ৰেণীঃ শিক্ষামন্ত্ৰী

মহাবিদ্যালয় সমূহত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী।

সংবাদ মাধ্যমৰ আগত নতুন শিক্ষানীতিৰ সন্দৰ্ভত হবলগীয়া পৰিৱৰ্তনৰ বিষয়ে মন্তব্য কৰি এই কথা সদৰি কৰে শিক্ষামন্ত্ৰীয়ে।

শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে নতুন শিক্ষানীতি অনুসৰি ২০২৩ চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ, দ্বাদশ শ্ৰেণী।

২০২৩ চনৰ পৰা এই কাৰ্যকৰী হব আৰু তাৰ আগতে সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ, দ্বাদশৰ কলা, বানিজ্য আৰু বিজ্ঞান লগতে ভকেচনেল ভালদৰে চলাবৰ বাবে প্ৰস্তুতি আগবঢ়োৱা হৈছে।

সেই প্ৰস্তুতিৰ অংশ হিচাপে ইতিমধ্যে স্নাতোকত্তৰ শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পাইছে।

তাৰোপৰি বিষয় শিক্ষক সমূহৰ সমস্যা দুৰ কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱা হব বুলিও জনাই মন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *