ভাৰতীয় বায়ু সেনা বাহিনীৰ ৮৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।
বায়ুসেনা বাহিনীৰ এই প্ৰতিষ্ঠা দিৱসই উপলক্ষে, দেশৰ সাহসী ভাৰতীয় বায়ু সেনা বাহিনীৰ সদস্যই আকাশত কৃতিত্ব প্ৰদৰ্শন কৰে।
বায়ুসেনা দিৱস উপলক্ষে বায়ু সেনা জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
লগতে তেওঁলোকৰ পৰিয়ালকো প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভকামনা জনায়।
টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় বায়ু সেনাক সাহসী আৰু পেছাদাৰী বুলি প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতীয় বায়ু সেনা ইয়াৰ সাহস আৰু বৃত্তিৰ বাবে জনাজাত। বায়ু সেনাই দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত এক অতুলনীয় অৱদান আগবঢ়াই আহিছে। লগতে বায়ু সেনাই সদায় দেশৰ সংকট আৰু প্ৰত্যাহ্বানৰ সময়ত মানুহৰ প্ৰতি সংবেদনশীলতাও প্ৰদৰ্শন কৰি আহিছে।
Greetings to our air warriors and their families on Air Force Day. The Indian Air Force is synonymous with courage, diligence and professionalism. They have distinguished themselves in defending the country and through their humanitarian spirit in times of challenges. pic.twitter.com/UbMSOK3agP
— Narendra Modi (@narendramodi) October 8, 2021
বায়ুসেনা দিৱস উপলক্ষে ভাৰতীয় বায়ু সেনাৰ তিনিটা গোটক বিমান কৰ্মচাৰী গোটৰ মুখ্য প্ৰসস্তি পত্ৰ প্ৰদান কৰা হ’ব।
এই তিনিটা গোটৰ ভিতৰত আছে ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোট বিমান আক্ৰমণ কৰা আৰু এপ্ৰিল, মে’ মাহৰ পৰা ভাৰত-চীন সীমান্তত অতি উচ্চতাত কাম কৰা ৪৭ স্কোয়াড্ৰণক এই প্ৰসস্তি পত্ৰ প্ৰদান কৰা হ’ব।
একেদৰে কাশ্মীৰৰ লাডাখত বিমান প্ৰতিৰক্ষাৰ বাবে নিয়োজিত ২২৫৫ স্কোয়াড্ৰনকো প্ৰসস্তি পত্ৰ প্ৰদান কৰা হ’ব। এই বাহিনীটো অ’ এছ এ-এ কে-এম, চাৰ্ফেচ টু এয়াৰ গাইডেড অস্ত্ৰৰে সজ্জিত। ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত চীনৰ সৈতে অচলাৱস্থাৰ পিছত স্কোয়াড্ৰনটো বিমান প্ৰতিৰক্ষাৰ বাবে লাডাখলৈ প্ৰেৰণ কৰা হৈছিল।
আল্ট্ৰা লাইট হেলিকপ্টাৰ (এএলএইচ) ৰে সজ্জিত ১১৬ হেলিকপ্টাৰ ইউনিট ৰুডকো এয়াৰ ষ্টাফ ইউনিট প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছে। এই বাহিনীটোক বালাকোট বিমান আক্ৰমণৰ পিছত আৰু উত্তৰ সীমান্তত গালৱান উপত্যকাৰ অচলাৱস্থাৰ পিছত ধীৰ উৰণীয়া বিমানৰ বিৰুদ্ধে পাকিস্তান সীমান্তত অভিযানৰ বাবে নিয়োজিত কৰা হৈছিল।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বিমানঘাটিত বায়ু সেনা দিৱস উপলক্ষে পেৰেড প্ৰদৰ্শন কৰা হৈছে। পতাকা লৈ বিখ্যাত আকাশ গংগা দলৰ স্কাইডাইভাৰসকলে বিমানৰ পৰা ওলাই আহি আকাশমাৰ্গত দুঃসাহসিক প্ৰদৰ্শন আগবঢ়াই।
আজি হিন্দন বিমানঘাটিত হেৰিটেজ বিমান, আধুনিক পৰিবহণ বিমান আৰু ফ্ৰণ্টলাইন যুঁজাৰু বিমানৰ ফ্লাইপাষ্টো অনুষ্ঠিত হ’ব। আকৰ্ষণীয় এৰোবেটিক প্ৰদৰ্শনেৰে অনুষ্ঠানটি সমাপ্ত হ’ব।
এই অনুষ্ঠানটোত ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰী, নৌ সেনাপ্ৰধান এডমাইৰেল কৰমবীৰ সিং, সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে আৰু চি ডি এছ জেনেৰেল বিপিন ৰাৱট উপস্থিত থাকে।
উল্লেখ্য যে, প্ৰতি বছৰে ৮ অক্টোবৰত বায়ু সেনা দিৱস পালন কৰা হয়।









