বিধানসভাত আস্থা ভোটত জয়ী নীতিশ কুমাৰ নেতৃত্বাধীন মহামিত্ৰজোঁটৰ চৰকাৰ, ক্ষুণ্ণ বিজেপিৰ ৱাকআউট

নিউজ ডেস্কঃ বিহাৰৰ বিধানসভাত আস্থা ভোটত জয়ী হ’ল নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ-আৰজেডি-কংগ্ৰেছৰ মহামিত্ৰজোঁটৰ চৰকাৰ। বুধবাৰে বিধানসভাত আস্থা ভোটৰ সময়তে বিজেপিৰ বিধায়কসকলে ৱাকআউট কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে জেডিইউৱে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছিল। তাৰ পিছতে কংগ্ৰেছ আৰু আৰজেডিৰ সৈতে মিলি চৰকাৰ গঠন কৰে নীতিশ কুমাৰে।

এই কাৰণতে জেডিইউৰ পূৰ্বৰ চৰকাৰৰ মিত্ৰদল বিজেপি ক্ষুণ্ণ হৈ আজি অনুষ্ঠিত আস্থা ভোটৰ সময়ত সদন ত্যাগ কৰে। আস্থা ভোটত চৰকাৰক ১৬০ গৰাকী বিধায়কে সমৰ্থন জনোৱাৰ বিপৰীতে বিপক্ষে নাছিল কোনো বিধায়ক।

image 178
বিধানসভাত আস্থা ভোটত জয়ী নীতিশ কুমাৰ নেতৃত্বাধীন মহামিত্ৰজোঁটৰ চৰকাৰ, ক্ষুণ্ণ বিজেপিৰ ৱাকআউট 2

শাসকীয় মিত্ৰজোঁটৰ অংশ নথকা এআইএমআইএমৰ একমাত্ৰ বিধায়ক আখতাৰুল ইমানেও এই আস্থা ভোটত অংশ লৈ চৰকাৰক সমৰ্থন জনায়।

অন্যহাতে সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰোক্ষভাৱে সমালোচনা কৰে বিজেপিক। জেডিইউৰ নেতাগৰাকীয়ে বিজেপিৰ সৈতে তেওঁৰ পুৰণি সম্পৰ্কৰ কথাও উল্লেখ কৰি বৰ্তমানৰ যুগ আৰু অটল বিহাৰী বাজপেয়ী, এল কে আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ যুগৰ মাজত থকা বৈপৰীত্যৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁ কয়, “বৰ্তমানৰ ব্যৱস্থাই প্ৰচাৰৰ বাহিৰে একো কাম নকৰে।”