আশ্বৰ্যকৰ! ব্যক্তি এজনেই, কিন্তু শৰীৰত বৃক্ক আছে তিনিটা…

নিউজ ডেস্কঃ এজন ব্যক্তিৰ সাধাৰণতে থাকে দুটা বৃক্ক। কিন্তু আপুনি কেতিয়াবা শুনিছেনে এজন ব্যক্তিৰ তিনিটা বৃক্ক থকাৰ বিষয়ে? অবিশ্বাস্যযেন লাগিলেও এনে এক ঘটনা পোহৰলৈ আহিছে শেহতীয়াকৈ, য’ত এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে তিনিটা বৃক্ক।

উত্তৰ প্ৰদেশৰ কানপুৰ নিৱাসী সুশীল গুপ্তা নামৰ ব্যক্তিজন শেহতীয়াকৈ চৰ্চালৈ আহিছে তেওঁৰ ৩টা বৃক্কক লৈ। বিজ্ঞানেও সহজে মানি ল’ব নোৱাৰা এই ঘটনা বহুতেই ভগৱানৰ মাহাত্ম্য বুলি অভিহিত কৰিছে।

সুশীল গুপ্তাই জানিবলৈ দিয়া মতে, ২০২০ চনত তেওঁ মূত্ৰাশয়ত পাথৰ ধৰা পৰাত অস্ত্ৰোপচাৰৰ পূৰ্বে আলট্ৰাচাউণ্ড কৰিছিল। তেতিয়াই তেওঁৰ দেহত তিনিটা কিডনী ধৰা পৰে।

susil gupta
আশ্বৰ্যকৰ! ব্যক্তি এজনেই, কিন্তু শৰীৰত বৃক্ক আছে তিনিটা… 2

চিকিৎসকে প্ৰথমে এয়া আলট্ৰাচাউণ্ডৰ বিসংগতি বুলি সন্দেহ কৰি পুনৰ আলট্ৰাচাউণ্ড কৰিবলৈ পৰামৰ্শ দিয়ে। কিছুদিন পিছত সুশীল কুমাৰে পুনৰ আলট্ৰাচাউণ্ড কৰাত তেতিয়াও ৩টা বৃক্ক ধৰা পৰে। তাৰ পিছতে তেওঁৰ শৰীৰত এটা অতিৰিক্ত বৃক্কৰ উপস্থিতি সম্পৰ্কে নিশ্চিত হয় চিকিৎসকসকল।

৫২ বৰ্ষীয় সুশীল গুপ্তাই জানিবলৈ দিয়া মতে, তেওঁ কাহানিও বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱা নাই। এই সম্পৰ্কে পূৰ্বে তেওঁ চিকিৎসকৰ ওচৰলৈও গৈ পোৱা নাই। যাৰ বাবে তেওঁৰ শৰীৰত এটা অতিৰিক্ত বৃক্ক থকা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পিছতে নিজেই তবধ মানিছে সুশীল গুপ্তাই।

উল্লেখ্য যে, মৃত্যুৰ পিছত নেত্ৰদানৰ আগ্ৰহ ব্যক্ত কৰি আহিছে সুশীল গুপ্তাই। তেওঁ কয়, ‘মই মোৰ চকু দান কৰিব বিচাৰো, কিন্তু কাৰোবাক যদি কেতিয়াবা বৃক্কৰো প্ৰয়োজন হয়, তেতিয়াও মই সেয়া দান কৰিবলৈ সাজু। এয়া ভগৱানৰ চমৎকাৰ বুলিয়েই মই ভাৱো যে মোক এটা অতিৰিক্ত বৃক্ক ভগৱানে দিছে।’