নিউজ ডেস্কঃ মহানহগৰীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী তৃষা কলিতাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে আকস্মিকভাৱে ঢলি পৰা কণমানি ছাত্ৰীগৰাকীৰ সৈতে প্ৰকৃততে কি ঘটিছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
ইফালে কন্যাক হেৰুৱাই কান্দি কান্দি ভাগৰি পৰা তৃষাৰ পিতৃ-মাতৃয়ে কোনোপধ্যেই মানি ল’ব বিচৰা নাই যে তেওঁলোকৰ কন্যা শাৰীৰিকভাৱে অসুস্থ হৈছিল।
পুৱা নিজেই ভাত খাই, কাপোৰ পিন্ধি বিদ্যালয়লৈ ওলাই যোৱা তৃষাৰ মৃত্যুক লৈ সেয়ে সন্দেহ ব্যক্ত কৰিছে পৰিয়ালে।
নিজৰ সন্তানৰ মৃত্যুৰ তদন্তৰ বাবে আৰক্ষীৰ সহায় বিচাৰি ইতিমধ্যে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে তৃষাৰ পিতৃ-মাতৃয়ে।
একে সময়তে তৃষাৰ সহপাঠীৰ ভাষ্যও তৃষাৰ মৃত্যুক লৈ ৰহস্য গভীৰ কৰি তুলিছে।
তৃষাৰ সৈতে একেটা শ্ৰেণীত পঢ়া সহপাঠীৰ মতে, সেইদিনা বিদ্যালয়ত ফেঁচা ওলোৱা চাবলৈ ভিৰ কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে।
তেতিয়াই কোনোবাই তৃষাক পিছফালৰ পৰা ঠেলি দিয়াত ছাত্ৰীগৰাকী বাগৰি পৰে।









