চাঞ্চল্যকৰ! চৰকাৰী ভেকচিন লোৱাৰ পিছতে কৰুণ মৃত্যুক সাৱটিলে দুমহীয়া কন্যা শিশুই…

এক চাঞ্চল্যকৰ ঘটনা।

চৰকাৰী ভেকচিন লোৱাৰ পিছতেই কৰুণ মৃত্যুক সাৱটিলে এটি দুমহীয়া কন্যা শিশুই।

মৰিয়নিৰ ৰণখামৰ চেলেং চাহ বাগিচাত সংঘটিত হৈছে এই কৰুণ ঘটনা।

শিশুটিক মৰিয়নিৰ ৰণখামৰ এটা চৰকাৰী ভেকচিন শিবিৰত দিয়া হৈছিল এই ভেকচিন।

জানিব পৰা মতে, পৰশুৰাম কৰ্মকাৰ আৰু দেবাৰী কৰ্মকাৰ নামৰ দম্পতীটোৰ কন্যা সন্তানটিক ভেকচিন প্ৰদান কৰাৰ পিছতে অসুস্থ হৈ পৰে আৰু কিছু সময় পিছত মৃত্যুমুখত পৰে।

এই দুৰ্ভগীয়া পিতৃয়ে কয়- বেজী দিয়াৰ পূৰ্বে সন্তানটি সবল-সুস্থ হৈ আছিল, কিন্তু বেজী দিয়াৰ পিছতেই মৃত্যুমুখত পৰে। 

উল্লেখ্য, ৰাজ্যত চৰকাৰী ভেকচিন লোৱাৰ পিছত শিশুৰ মৃত্যুৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে।

ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।