বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বিজেপি নেতাক ৫ বছৰ সশ্ৰম কাৰাদণ্ড আদালতৰ

নিউজ ডেস্কঃ ৬ বছৰ পূৰ্বে বিদ্যালয়ৰ বাথৰুমত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৫ বছৰৰ কাৰাদণ্ড বিহা হ’ল বিদ্যালয়ৰ গাণনিক সহায়ক তথা বিজেপি নেতা দিগন্ত শইকীয়াক।

বৃহস্পতিবাৰে চৰাউদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণাও বিহে।

উল্লেখ্য যে, ২০১৬ চনৰ ২৪ ছেপ্তেম্বৰত সোণাৰিৰ বগৰীগুৰিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ বাথৰুমত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল বিদ্যালয়খনৰ গাণনিক সহায়ক তথা জ্যেষ্ঠ বিজেপি নেতা দিগন্ত শইকীয়াৰ বিৰুদ্ধে।

photo1656054369
বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বিজেপি নেতাক ৫ বছৰ সশ্ৰম কাৰাদণ্ড আদালতৰ 3

ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত তেতিয়াই সোণাৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (ক) ধাৰাৰ অধীনত ১৮৮/১৬ নং গোচৰ ৰুজু হৈছিল।

sonari
বিদ্যালয়ত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বিজেপি নেতাক ৫ বছৰ সশ্ৰম কাৰাদণ্ড আদালতৰ 4

আদালতত বিচাৰধীন হৈ থকা এই গোচৰৰ সুদীৰ্ঘ ৬ বছৰৰ পিছত অৱশেষত চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৰায় প্ৰদান কৰে। আদালতে দিগন্ত শইকীয়াক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে।