ডিমৌৰ বুকুত উদ্ধাৰ সন্ধানহীন শিক্ষক কল্যান গগৈ আৰু পত্নীৰ মৃতদেহ, এতিয়াও সম্ভেদ নাই ৩ বছৰীয়া সন্তানৰ

নিউজ ডেস্কঃ ডিমৌ নৈৰ বুকুত উদ্ধাৰ হ’ল পত্নী আৰু একমাত্ৰ কন্যা সন্তানসহ আত্মজাহ দিয়া শিক্ষক কল্যান গগৈৰ মৃতদেহ।

উদ্ধাৰকাৰী দলে অভিযান চলাই ডিমৌৰ নৈৰ পানীৰ পৰা শুকুৰবাৰে কল্যান গগৈ আৰু তেওঁৰ পত্নীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে এতিয়াও সন্ধান লাভ কৰা নাই তেওঁলোকৰ কণমানি সন্তানটোৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা।

ডিমৌৰ নিতাইপুখুৰীৰ হাঁহপাৰা চ’কৰ নিৱাসী কল্যান গগৈ নামৰ এগৰাকী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকে পত্নী আৰু তেওঁলোকৰ তিনিবছৰীয়া কন্যা সন্তানৰ সৈতে ডিমৌ নৈত জাপ দি আত্মহত্যা কৰিছিল।

photo1656051921
ডিমৌৰ বুকুত উদ্ধাৰ সন্ধানহীন শিক্ষক কল্যান গগৈ আৰু পত্নীৰ মৃতদেহ, এতিয়াও সম্ভেদ নাই ৩ বছৰীয়া সন্তানৰ 5

নৈত আত্মজাহ পূৰ্বে কল্যান গগৈয়ে তেওঁৰ ফেচবুকত কৰিছিল এক চাঞ্চল্যকৰ পোষ্ট। য’ত স্থানীয় এগৰাকী মহিলা আৰু তেওঁৰ স্বামীৰ ব্লেকমেইলিঙৰ বলি হৈ গোটেই পৰিয়ালটো আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি বিস্ফোৰক অভিযোগ তুলিছিল কল্যান গগৈয়ে।

অভিযোগ অনুসৰি, বিবাহিত মহিলাগৰাকীয়ে স্বামীৰ সৈতে নগদ ১০ লাখ টকাৰ বাবে ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছে।

মৃত কল্যান গগৈয়ে নিজৰ ফেচবুক পোষ্টত পূৰ্বে দাবী কৰিছিল যে বুধবাৰে নিশা মহিলাগৰাকীৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক আছিল, পিছত; তাই স্বামীৰ সৈতে তেওঁৰ পৰা নগদ ধনৰ ধন দাবী কৰিছিল।

photo1656052239
ডিমৌৰ বুকুত উদ্ধাৰ সন্ধানহীন শিক্ষক কল্যান গগৈ আৰু পত্নীৰ মৃতদেহ, এতিয়াও সম্ভেদ নাই ৩ বছৰীয়া সন্তানৰ 6

লগতে তেওঁক হাৰাশাস্তি কৰা বুলি আৰক্ষীত এজাহাৰ দাখিল কৰাৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰিছে কল্যান গগৈয়ে তেওঁৰ ফেচবুক পোষ্টত।

ইফালে, নিতাইপুখুৰী আৰক্ষীয়ে বিবাহিত মহিলাগৰাকী আৰু তেওঁৰ স্বামী দুয়োকে সোধা-পোছাৰ বাবে আটক কৰিছে। নিতাইপুখুৰী গাঁৱৰ নাওজানত থকা বাসগৃহৰ পৰা আটক কৰা হয় দম্পতীহালক।

photo1656052238
ডিমৌৰ বুকুত উদ্ধাৰ সন্ধানহীন শিক্ষক কল্যান গগৈ আৰু পত্নীৰ মৃতদেহ, এতিয়াও সম্ভেদ নাই ৩ বছৰীয়া সন্তানৰ 7

আনহাতে বৃহস্পতিবাৰৰ পৰা এছডিআৰএফ বাহিনীৰ এটা দলে ডিমৌৰ বুকুত নিৰুদিষ্ট পৰিয়ালটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল।

বৃহস্পতিবাৰে উদ্ধাৰকাৰী দলে নদীৰ পৰা কল্যান গগৈৰ স্কুটী আৰু মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও উদ্ধাৰ কৰিব পৰা নাছিল তেওঁলোকৰ মৃতদেহ।

কিন্তু শুকুৰবাৰে পুৱা পুনৰ অভিযান চলাই উদ্ধাৰকাৰী দলে কল্যান গগৈ আৰু তেওঁৰ পত্নীৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু এতিয়াও সন্ধানহীন হৈ আছে তেওঁলোকৰ ৩ বছৰীয়া সন্তানটো।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ডিমৌত চাঞ্চল্যৰ সৃষ্টি হৈছে।

লগতে চাওকঃ

ভাল খবৰ! দেশৰ শীৰ্ষ চােৰাংচােৱা সংস্থা IB ৰ নতুন মুৰব্বী অসম সন্তান IPS তপন কুমাৰ ডেকা

G2 15
ডিমৌৰ বুকুত উদ্ধাৰ সন্ধানহীন শিক্ষক কল্যান গগৈ আৰু পত্নীৰ মৃতদেহ, এতিয়াও সম্ভেদ নাই ৩ বছৰীয়া সন্তানৰ 8