গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্লীন চিট উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ ২০০২ চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।
.
উল্লেখ্য যে, গুজৰাট হিংসাৰ গোচৰত তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষমুক্ত ঘোষণা কৰিছিল এক বিশেষ তদন্তকাৰী দলে। ইয়াৰ পিছতে এই ৰায়ৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালত আবেদন দাখিল কৰে সেই হিংসাত প্ৰাণ হেৰুওৱা কংগ্ৰেছ সাংসদ এহছান জাফৰীৰ পত্নী জাকিয়া জাফৰীয়ে।

কিন্তু শুকুৰবাৰে এই আবেদন খাৰিজ কৰি উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায় বাহাল ৰাখে আৰু প্ৰধানমন্ত্ৰী মোডীক ক্লীন চিট প্ৰদান কৰে।

উল্লেখ্য যে, ২০০২ চনৰ গুজৰাট হিংসাত একাংশ ৰাজনীতিবিদ আৰু আৰক্ষীৰ এক বৃহত্তৰ ষড়যন্ত্ৰ নিহিত হৈ থকা বুলি অভিযোগ উত্থাপন কৰি সাম্প্ৰদায়িক সংঘৰ্ষটোৰ নতুন তদন্ত বিচাৰিছিল।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ এম খানউইলকাৰ, দিনেশ মহেশ্বৰী আৰু চি টি ৰবিকুমাৰে যোৱা ডিচেম্বৰত এই ৰায়টো সংৰক্ষিত ৰাখিছিল।

আহমেদাবাদৰ গুলবাৰ্গ চ’চাইটিত সংঘটিত গণহত্যাৰ ঘটনাটোত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ এহছান জাফৰীও নিহত হোৱা ৬৮ জন লোকৰ ভিতৰত এজন আছিল। ঘটনাৰ এক দশক পিছত ন‍্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু আন ৬৩ জনক উপযুক্ত প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰিছিল।

২০১৬ চনত আহমেদাবাদৰ এখন বিশেষ আদালতে ২৪ জন আক্ৰমণকাৰীক এই গণহত্যাৰ বাবে দোষী সাব্যস্ত কৰিছিল যাক আদালতে গণতন্ত্ৰৰ আটাইতকৈ ক’লা দিন বুলি অভিহিত কৰিছিল। কিন্তু এই গোচৰটোত মোডীসহ ৩৬ জন লোকক নিৰ্দোষী সাব্যস্ত কৰি আদালতে ঘটনাটোত কোনো ষড়যন্ত্ৰ নাই বুলি উল্লেখ কৰিছিল।