বিদায় ল’লে কৰ’ণাই! ক’ভিড সম্পৰ্কীয় সকলো নিষেধাজ্ঞা বাতিল…

ৰাজ্যত প্ৰকাশ পালে ক’ভিডৰ নতুন SOP।

নতুন নিৰ্দেশনা অনুসৰি ক’ভিডৰ সকলো নিষেধাজ্ঞা বাতিল কৰা হৈছে।

এতিয়াৰে পৰা বিমানবন্দৰ ৰে’ল ষ্টেচনত বাধ্যতামূলক নহ’ব ক’ভিড পৰীক্ষা।

No photo description available.

লগতে হাস্পতাল সমূহতো ৰোগীৰ বাবে বাধ্যতামূলক নহয় ক’ভিড পৰীক্ষা।

অৱশ্যে কৰ’ণাৰ লক্ষণ থকা লোক সকলে নিজৰ ইচ্ছা অনুসৰি পৰীক্ষা কৰিব পাৰে।

যদি কোনো অন্য ৰোগী চিকিৎসালয়লৈ আহে তেন্তে তেওঁৰ ক’ভিড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই।

অৱশ্যে লক্ষণ থকা লোক সকলেহে পৰীক্ষা কৰিব পাৰে।

উল্লেখ্য যে, ৰাজ্যত ক্ৰমান্বয়ে কমি আহিছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

ইয়াৰ ওপৰত লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

Leave a Comment