প্ৰধানমন্ত্ৰী মোদী-অমিত শ্বাহে শুদ্ধকৈ অসমীয়া কৈ দেখুৱাওক! প্ৰত্যাহ্বান মীৰা বৰঠাকুৰৰ

নিউজ ডেস্ক। “নৰেন্দ্ৰ মোদী-অমিত শ্বাহে শুদ্ধকৈ অসমীয়া কৈ দেখুৱাওক।” – ৰাজ্যত আৰম্ভ হোৱা ভূপেন বৰাৰ হিন্দী ভাষা বিতৰ্কক লৈ এইবাৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনালে অসম কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰে।

মীৰা বৰঠাকুৰে কয় যে ভাষা হৈছে কেৱল এক যোগাযোগৰ মাধ্যম। কোনোবাই শুদ্ধকৈ ভাষা এটা ক’ব নোৱাৰিলেই তাক লৈ সমালোচনা হোৱা অনুচিত। জ্ঞানী লোকে আনে কিমান শুদ্ধকৈ ভাষা কৈছে সেয়া চাই নাথাকে। ক’ব বিচৰা কথাখিনি বুজি পালেই হল।

অসমীয়াৰ সমস্যা উত্থাপনৰ বাবে হিন্দী-ইংৰাজী জনাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ কয় যে, বিহাৰ, তেলেংগানাৰ সাংসদ সকলেও সদনত ভঙা ভঙা হিন্দী কয়। স্পেনিছ সকলেও ভঙা ভঙা ইংৰাজী কয়। এয়া একো ডাঙৰ কথা নহয়।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে ভূপেন বৰাৰ হিন্দীক লৈ যে ইমান চৰ্চা চলিছে, ভূপেন বৰাৰ ভঙা ভঙা হিন্দীৰ বাবেই অসমত নিবনুৱা সমস্যা বৃদ্ধি পাইছে নেকি? ভূপেন বৰাৰ হিন্দীৰ বাবেই চৰকাৰে ইমান টকাৰ ঋণ লবলগীয়া হৈছে নেকি? ভূপেন বৰাই কোৱা হিন্দীৰ বাবে অসমৰ উন্নয়ন স্থবিৰ হৈছে নেকি?

তেওঁ লগতে কয় যে উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও “য়ে দেশ বহুত উপৰ কা চিজ হ্যে’ বুলি কৈছিল। এয়াও শুদ্ধ হিন্দী নহয়। আমাৰ হিন্দী কওঁতে অসুবিধা হয়। সেয়া একো ধৰি থাকিবলগীয়া কথা নহয়।

অল্পবিদ্যা ভয়ংকৰ আখ্যা দি ভূপেন বৰাৰ হিন্দী বিতৰ্কৰ সূত্ৰপাত ঘটোৱা মন্ত্ৰী পীযুষ হাজৰিকাকো কটাক্ষ কৰে মীৰা বৰঠাকুৰে। পাৰে যদি পীযুষ হাজৰিকাই তেওঁৰ সৈতে শুদ্ধ ইংৰাজীত তৰ্কত বহক বুলিও প্ৰত্যাহ্বান জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

Leave a Comment