আছু-শিক্ষা সংসদৰ বৈঠকঃ পাঠ্যক্ৰমৰ পৰা বাতিল নহয় বিহু আৰু স্বদেশ অধ্যয়ন…

উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বাতিল নহয় বিহু আৰু স্বদেশ অধ্যয়ন।

এই মন্তব্য শিক্ষা সংসদ অধ্যক্ষ ৰুক্ম গোহাঁইৰ।

আছু আৰু শিক্ষা সংসদৰ বৈঠকৰ অন্তত এই মন্তব্য প্ৰকাশ গোহাঁইৰ।

বিহু সন্দৰ্ভত পৰিকল্পিতভাৱে শিক্ষা প্ৰদানৰ আশ্বাস গোহাঁইৰ।

তেওঁ কয়- পূৰ্বৰ কাউন্সিলৰ কিছু সিদ্ধান্তৰ বাবে শ’লঠেকত পৰিছে শিক্ষা সংসদ। পৰীক্ষকৰ অভাৱৰ বাবেহে বিহু পাঠক্ৰমত আহিছে বাধা।’

‘এই পৰ্যন্ত বাতিল কৰা হোৱা নাই বিহুৰ পাঠ্যক্ৰম। এয়া কেৱল প্ৰস্তাৱহে আছিল। প্ৰস্তাৱ বিবেচনা কৰিব ৰাজ্য চৰকাৰে।’

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বিহু বিষয় উঠাই দিয়াক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

Leave a Comment