অসমীয়াঅসম

বিদায় নীলপৱন বৰুৱা! ভালপোৱাৰ অনন্য উপমা দি গুচি গ’ল এগৰাকী দূৰন্ত প্ৰেমিক…

নিউজ ডেস্কঃ গুচি গ’ল এজন দূৰন্ত প্ৰেমিক! ভালপোৱাৰ প্ৰকৃত সংজ্ঞা মানুহক শিকাই, বুজাই তেওঁ গুচি গ’ল মৃত্যুৰ বাটেৰে।

আজি তেওঁৰ মহাপ্ৰস্থানে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। অভিনেতা নিপন গোস্বামীৰ দেহাৱসানৰ মাত্ৰ এদিন পিছতে হাস্পতালৰ বিচনাত চিৰ নিদ্ৰাত শুই পৰা চিত্ৰশিল্পী নীলপৱন বৰুৱাক সুঁৱৰি আজি উচুপি উঠিছে তেওঁৰ অলেখ গুণমুগ্ধ।

1247

ভালপোৱাৰ এক জীয়া প্ৰতিচ্ছবি যেন আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱা। জনপ্ৰিয় কণ্ঠশিল্পী দিপালী বৰঠাকুৰে মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ হুইল চেয়াৰখনকে সংগী কৰি লোৱাৰ সময়ত তেওঁৰ ওচৰত অনৱৰতে থিয় দিছিল নীলপৱন বৰুৱাই।

১৯৭৬ চনত তেওঁ বিয়াত বহিছিল দিপালী বৰঠাকুৰৰ সৈতে। আৰু তেতিয়াৰে পৰা কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ দিনটোলৈ অহৰহ তেওঁৰ যত্ন ৰাখি দুয়োৰে ভালপোৱাক যুগমীয়া কৰিছিল নীলপৱন বৰুৱাই।

image 227

কিন্তু পত্নী দিপালী বৰঠাকুৰৰ মৃত্যুৰ পিছতে যেন লাহে লাহে শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল চিত্ৰশিল্পীগৰাকী। তাৰ পিছতে শেহতীয়াকৈ বৃদ্ধি পাইছিল তেওঁৰ শাৰীৰিক অসুস্থতা।

যোৱা ২২ ছেপ্টেম্বৰত তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। কিন্তু বৃহস্পতিবাৰে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভৰ্তি কৰা হয় আইচিইউত। য’ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে শুকুৰবাৰে বিয়লি।

image 228

১৯৩৬ চনৰ পহিলা জুনত লাৱণ্যপ্ৰভা বৰুৱাৰ গৰ্ভত আৰু ‘ধ্বনি কবি’ বিনন্দ চন্দ্ৰ বৰুৱাৰ ঔৰষত যোৰহাট জিলাৰ টীয়কৰ ওচৰৰ তামুলীছিঙা গাঁৱত জন্মগ্ৰহণ কৰা নীলপৱন বৰুৱাই ৰং-তুলিকাৰেই জগত জিনিবলৈ সক্ষম হৈছিল।

কিন্তু চিত্ৰশিল্পী হোৱাৰ সমান্তৰালভাৱে তেওঁ আছিল এগৰাকী সু লেখকো। তেওঁ ৰচনা কৰা গ্ৰন্থ কেইখন হৈছে- অন্য এক গতি (সংকলন), বসুন্ধৰা-১ আৰু বসুন্ধৰা-২।

এইগৰাকী মহীৰূহৰ বিয়োগে আজি শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।