অসমঅসমীয়া

বিতৰ্ক! শেষ মুহূৰ্তত বাতিল কৰা হ’ল বাংলাদেশী গায়িকাৰ সংগীতানুষ্ঠান

নিউজ ডেস্ক। দেওবাৰ অৰ্থাৎ ৮ মে’ত দৰং জিলাৰ জংগলপাৰাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত বাংলাদেশী গায়িকা মুনিয়া মুনৰ সংগীতানুষ্ঠান শেষ মুহূৰ্তত বাতিল কৰা হয়।

1 3

উল্লেখ্য যে জংগলপাৰা সমাজ কল্যাণ ক্লাৱ আৰু লাইব্ৰেৰীৰ সাহায্যৰ অৰ্থে এই কাৰ্যসূচীৰ আয়ােজন কৰা হৈছিল।

2 4

কিন্তু এগৰাকী বাংলাদেশী গায়িকাক সংগীত পৰিবেশনৰ বাবে আমন্ত্রণ জনাই থলুৱা শিল্পীক বঞ্চিত কৰাৰ অভিযোগ তুলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু মুছলিম ছাত্ৰ সন্থাৰ দৰং জিলা সমিতিয়ে ইয়াৰ বিৰােধিতা কৰিছিল।

1 1

ইয়াৰ পিছতে দেওবাৰে সন্ধিয়া শেষ মুহূর্তত বাতিল হয় বাংলাদেশৰ মুনিয়া মুনৰ সংগীতানুষ্ঠান।

5

অসমত বহু জনপ্ৰিয় কণ্ঠশিল্পী থাকোতেই কেৱল নিজ লাভালাভৰ বাবে অসমৰ শিল্পীক বঞ্চিত কৰি বাংলাদেশৰ শিল্পীক আমন্ত্ৰণ জনোৱা কাৰ্যৰ মুকলি বিৰােধিতা কৰিছিল দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু মুছলিম ছাত্ৰ সন্থাই।

উল্লেখ্য যে অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত বাংলাদেশৰ জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠান কােনাে নতুন কথা হয়।

পূৰ্বতেও মুনিয়া মুনে অসমৰ বহু ঠাইত সংগীতানুষ্ঠান পৰিৱেশন কৰি গৈছিল।

লগতে চাওকঃ

টীয়কৰ সকলোৰে প্ৰিয় ছোৱালীজনী আৰু নাই! অচিন ৰোগত আক্ৰান্ত ভাগ্যশ্ৰীৰ মৃত্যুত নামিছে শোকৰ বন্যা

bhagyasri

Leave a Reply

Your email address will not be published. Required fields are marked *