অসম

আৰক্ষীৰ বৃহৎ সফলতা! ১৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, আটক ২ সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।

বোকাজানৰ ডিলাইত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ২ কেজি ড্ৰাগছ।

Image

ডিলাইৰ ১২ মাইলত আৰক্ষীৰ বিশেষ নাকা তালাচীত জব্দ হয় ড্ৰাগছখিনি।

ডিমাপুৰৰ দিশৰ পৰা অহা এখন মাৰুটি চিয়াজ গাড়ীত আনিছিল ড্ৰাগছখিনি।

মাৰুটি চিয়াজখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৫২ টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ।

Image

লগতে আৰক্ষীয়ে মণিপুৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰী লানাহমাই ষ্টেফেন আৰু ৰকো বাইপ’ ক আটক কৰিবলৈ সক্ষম হয়।

জব্দকিত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১৪ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *