অসমীয়াঅসম

টীয়কৰ সকলোৰে প্ৰিয় ছোৱালীজনী আৰু নাই! অচিন ৰোগত আক্ৰান্ত ভাগ্যশ্ৰীৰ মৃত্যুত নামিছে শোকৰ বন্যা

নিউজ ডেস্কঃ এক অচিন ৰোগত আক্ৰান্ত হৈ সকলোকে এৰি চিৰদিনলৈ গুচি হ’ল যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ প্ৰতিভাৱান কিশোৰী ভাগ্যশ্ৰী।

এগৰাকী সুদক্ষ বিহুৱতী আৰু দিহানামৰ শিল্পী হিচাপে অঞ্চলটোত যথেষ্ট জনপ্ৰিয় আছিল খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী ভাগ্যশ্ৰী লাহন।

টীয়কৰ চিন্তামণিগড় লাহন গাঁৱৰ বনজ্যোতি লাহনৰ একমাত্ৰ কন্যা ভাগ্যশ্ৰী পিতৃ-মাতৃৰ বাবেও আছিল নয়নৰ মণি।

photo1652078242

কিন্তু এক অচিন ৰোগত আক্রান্ত হোৱা ভাগ্যশ্রীক ২১ এপ্রিলত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰাবলগীয়া হয়।

তাত প্ৰায় ১০ দিন চিকিৎসা চলাৰ পিছতো ভাগ্যশ্ৰী সুস্থ হৈ নুঠাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় কিশোৰীগৰাকীক।

কিন্তু তাতো চিনাক্ত নহ’ল ভাগ্যশ্ৰীৰ শৰীৰৰ ৰোগ। ইফালে ক্ৰমান্বয়ে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লোৱাত চিকিৎসকে তেওঁক ঘৰলৈ পঠিয়াই দিয়ে।

photo1652078242 1 1

ঘৰলৈ অনাৰ পিছতে ৬ মে’ত পুনৰ অসুস্থ হৈ পৰে ভাগ্যশ্ৰী।

লগে লগে তেওঁক পুনৰ যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে তাতেই শেষ নিশ্বাস ত্যাগ কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে।

photo1652079097

অঞ্চলটোৰ আটাইৰে প্ৰিয় কিশোৰীগৰাকীৰ মৃত্যুত এতিয়া শোকৰ বন্যা নামিছে চিন্তামণিগড় লাহন গাঁৱত।

দেওবাৰে ভাগ্যশ্ৰীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শতাধিক লোক উপস্থিত হয় তেওঁৰ বাসগৃহত।

photo1652078243

অন্যহাতে আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবেই ভাগ্যশ্ৰীৰ চিকিৎসাৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ব্যক্তিগত নাৰ্ছিং হোম খনে অৱহেলা কৰিছিল বুলি অভিযোগ তুলিছে ছাত্ৰ সন্থাই। যাৰ বাবে নাৰ্ছিং হোমৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাইছে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *