ৰাষ্ট্ৰীয়

বিজেপি বিধায়কৰ বাহনলৈ লক্ষ্য কৰি বোমা নিক্ষেপ, কথমপি প্ৰাণৰক্ষা…

ভয়াবহ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল ওড়িশাৰ এগৰাকী বিজেপি বিধায়কৰ।

আক্ৰমণৰ সন্মুখিন হোৱা বিজেপি বিধায়ক গৰাকীৰ নাম হৈছে মোহন মাঝি।

বিধায়ক গৰাকীক লক্ষ্য কৰি দেশীয় বোমা নিক্ষেপ কৰা হৈছিল যদিও বিধায়ক গৰাকীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ওড়িশাৰ মন্দুৱা আৰক্ষী থানাৰ ওচৰত দুচকীয়া বাহনত অহা দুজন লোকে মোহন মাঝিৰ বাহনলৈ লক্ষ্য বোমা নিক্ষেপ কৰে।

এই আক্ৰমণত বিজেপি বিধায়ক গৰাকীৰ বাহনখনৰ সন্মুখৰ ভাগৰ কিছু অংশৰ ক্ষতি হয় যদিও বিধায়ক গৰাকীয়ে কোনোধৰণৰ আঘাত নোপোৱাকৈ জীৱন ৰক্ষা পৰে।

এই ঘটনাৰ পিছতে বিজেপিৰ সমৰ্থক সকলে পথ অৱৰোধ কৰাৰ লগতে গান্ধী চ’কত টায়াৰ জ্বলায়ো প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *