অসম

উৎসৱৰ বতৰত ৰাজ্যত দেখা দিব পাৰে ভয়াৱহ বিদ্যুৎ সংকটে, APDCLৰ আগতীয়া জাননী…

উৎসৱৰ বতৰত ৰাজ্যত দেখা দিব পাৰে ভয়াৱহ বিদ্যুৎ সংকটে।

আনন্দ, উৎসৱৰ মাজতে হয়তো অধিক সময়েই থাকিব লাগিব অন্ধকাৰৰ মাজত।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে জাৰি কৰা এক ৰাজহুৱা জাননীৰ জৰিয়তে এই বিষয়ে আগতীয়াকৈ ৰাইজক অৱগত কৰিছে।

দেশত কয়লাৰ নাতনি সৃষ্টি হোৱাৰ বাবে আগন্তুক সময়ত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিব।

দেশৰ বাকী অংশৰ দৰে অসমো এই বিদ্যুৎ সংকটৰ গৰাহত পৰিব।

সেয়েহে এ পি ডি চি এলে সোমবাৰে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে যে তাৎক্ষণিকভাৱে বিদ্যুৎ কৰ্তন কৰা হ’ব পাৰে।

এই অসুবিধাৰ সৈতে সন্মুখীন হবৰ বাবে সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে এ পি ডি চি এলে।

image 3

উল্লেখ্য যে অসমক প্ৰায় ২১০০ মেগাৱাটৰ বিদ্যুৎ প্ৰয়োজন হয়। অসমে নিজাকৈ মাত্ৰ ৩৭০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে আৰু বাকীখিনি ৰাষ্ট্ৰীয় গ্ৰিডৰ পৰা ক্ৰয় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *