বিজেপি নেত্ৰী, টিক-টক তাৰকা সোণালী ফোগাটৰ আকস্মিক মৃত্যু

নিউজ ডেস্ক। এগৰাকী জনপ্ৰিয় টিক-টক তাৰকা আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী সোণালী ফোগাটৰ আকস্মিক দেহাৱসান।

প্ৰমােদ ভ্ৰমণৰ বাবে গোৱাত থকাৰ সময়তে সােমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল ৪২ বছৰ।

G7 2
বিজেপি নেত্ৰী, টিক-টক তাৰকা সোণালী ফোগাটৰ আকস্মিক মৃত্যু 4

উল্লেখ্য যে হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে তেওঁক হিছাৰ জিলাৰ আদমপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। অৱশ্যে, তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল।

তেওঁ হাৰিয়ানা বিজেপিৰ ৰাজ্যিক উপ-সভাপতিও আছিল।

সোণালী ফোগাট এগৰাকী ৰাজনৈতিক নেতাৰ হােৱাৰ পূৰ্বে টিক-টকৰ জৰিয়তে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘বিগ বছ’তো দেখা গৈছিল ফােগাটক।

image 161
বিজেপি নেত্ৰী, টিক-টক তাৰকা সোণালী ফোগাটৰ আকস্মিক মৃত্যু 5

সোণালী ফোগাটে তেওঁৰ মৃত্যুৰ কিছু সময় পূৰ্বে ছ’চিয়েল মিডিয়াত তেওঁৰ ডিপি সলনি কৰিছিল আৰু ইয়াৰ লগতে এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল।

১৯৭৯ চনৰ ২১ ছেপ্টেম্বৰত হাৰিয়ানাৰ ফতেহাবাদত সোণালী ফোগাটৰ জন্ম হৈছিল।

image 162
বিজেপি নেত্ৰী, টিক-টক তাৰকা সোণালী ফোগাটৰ আকস্মিক মৃত্যু 6

তেওঁ ২০০৬ চনত তেওঁৰ দূৰদৰ্শনত ঘােষিকাৰ চাকৰি লাভ কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল।

ইয়াৰ পিছতে তেওঁ ২০০৮ চনত বিজেপিত যোগদান কৰিছিল।

উল্লেখ্য যে ২০১৬ চনত ৰহস্যজনক পৰিস্থিতিত সোণালী ফোগাটৰ স্বামীৰ মৃত্যু হৈছিল।