বিজেপি আৰু বাওঁ দলৰ সংঘাতত উত্তাল ত্ৰিপুৰা

নিউজ ডেস্ক। ত্ৰিপুৰাত হিংসাত্মক পৰিস্থিতি। বিজেপি আৰু বাওঁ সংগঠনৰ মাজত সংঘৰ্ষ।

গোমতী জিলাত বিজেপি আৰু বাওঁ ছাত্ৰ সন্থা ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অৱ ইণ্ডিয়াৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হয়। এই ঘটনা সংঘটিত হয় বুধবাৰে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, চিপিএমৰ ছাত্ৰ গোটে এক সমদল বাহিৰ কৰিছিল। বিজেপিৰ বিৰুদ্ধে বাহিৰ কৰিছিল সেই সমদল।

BJP-supporter-clash-in-cpim-party-office-in-Dayli-Desherkata-office-with-in-Agartala-on-08-09-21-Pix

তেনে সময়তে বিজেপি কৰ্মীৰ সৈতে ছাত্ৰ সংগঠনটোৰ সংঘৰ্ষ হয়। সংঘৰ্ষই হিংসাত্মক ৰূপ লয়। সংঘৰ্ষত এজন বিজেপি কৰ্মী গুৰুতৰভাৱে আহত হয় আৰু বাওঁ ছাত্ৰ সংগঠনটোৰ দুই/তিনিজন আহত হয়। সংঘৰ্ষৰ পিছত দুয়োটা দলে পৰস্পৰে পৰস্পৰক অভিযুক্ত কৰে।

জানিব পৰা মতে, ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ চহৰত এই ঘটনা সংঘটিত হৈছিল। যেতিয়া চিপিআই(এম)ৰ যুৱ শাখা ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অৱ ইণ্ডিয়াই এক সমদল উলিয়াইছিল, তেতিয়াই এই ঘটনা সংঘটিত হৈছিল। য’ত কিছুমান কৰ্মীয়ে শাসনাধিষ্ঠিত বিজেপি দলৰ এজন কৰ্মীক আক্ৰমণ কৰিছিল। যাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল।

BJP-supporter-clash-in-cpim-party-office-in-Dayli-Desherkata-office-with-in-Agartala-on-08-09-21-Pix

আৰক্ষীয়ে কয় যে, ওচৰতে থকা বিজেপি কৰ্মীৰ এটা দলে ঘটনাৰ প্ৰতিশোধ লৈছিল আৰু সংগঠনটোৰ সমদলত আক্ৰমণ কৰিছিল। হিংসাত দুইৰ পৰা তিনিজন লোক আহত হৈছিল, কিন্তু তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে লগতে কয় যে, উদয়পুৰৰ আঘাতপ্ৰাপ্ত বিজেপি কৰ্মীজনক সংকটজনক অৱস্থাত আগৰতলাৰ জিবি পন্ত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে চিপিআই(এম)ৰ উদয়পুৰৰ কাৰ্যালয়ো লণ্ডভণ্ড কৰে। আনহাতে বাওঁমৰ্চাৰ প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ এখন বাহনত অগ্নি সংযোগ কৰে।

BJP-supporter-clash-in-cpim-party-office-in-Dayli-Desherkata-office-with-in-Agartala-on-08-09-21-Pix

সূত্ৰঅনুসৰি, আগৰতলা, বিশালগড় আৰু কাঠলিয়াত চিপিআই(এম)ৰ দলীয় কাৰ্যালয়সমূহো লণ্ডভণ্ড কৰা হৈছিল। আৰু উদয়পুৰ সংঘৰ্ষৰ পিছত কাৰ্যালয়ত জুই লগোৱা হৈছিল।

সোমবাৰে প্ৰথম পৰ্যায়ৰ হিংসাত্মক ঘটনাৰ পিছত দুয়োটা দলৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। যাৰ বাবে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ ধনপুৰলৈ যাবলৈ বাধা দিয়া হৈছিল।

Leave a Comment