বিছাৰ আতংকত ত্ৰস্ত অসমৰ এখন নগৰ! বিছাৰ আক্ৰমণত ইতিমধ্যে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে অনেক জনে…

নিউজ ডেস্কঃ বিছাৰ আতংকৰ ত্ৰস্ত অসমৰ এখন নগৰ। লাখ লাখ বিছাৰ আক্ৰমণত ইতিমধ্যে হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে অনেক লোক।

বিছাৰ আক্ৰমণৰ বাবেই এতিয়া নিদ্ৰাহৰণ হৈছে নগৰবাসীৰ।

এই বিছাৰ আতংক চলিছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নগৰত।

দৰাচলতে বিগত এপষেকৰো অধিক সময় ধৰি নাহৰকটীয়া নগৰৰ ৰে’ল গেটৰ সমীপৰপ ষ্টেছন পথৰ একাংশ ব্যৱসায়ী ছালৰ ৰোগ আৰু খজুৱতিত আক্ৰান্ত হয়।

কিন্তু লাহে লাহে আন বহু কেইজন স্থানীয় লোক এনে ৰোগত আক্ৰান্ত হোৱাৰ ৰোগৰ উৎসৰ সন্ধান কৰাতহে পোহৰলৈ আহে বিছাৰ সন্ত্ৰাসৰ কথা।

ষ্টেছন পথত থকা কেইবাজোপা গছত ঘৰ সজা লাখ লাখ বিছাৰ আক্ৰমণৰ ফলতে অঞ্চলটোৰ ব্যৱসায়ী আৰু স্থানীয় নিৱাসী সকল ছালৰ ৰোগ আৰু খজুৱতিৰ আক্ৰমণৰ বলি হৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।

পিছত সোমবাৰে ব্যৱসায়ী সকলৰ অভিযোগৰ ভিত্তিত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ প্ৰচেষ্টাত অগ্নিনিৰ্বাপক বাহিনীয়ে অঞ্চলটোত উপস্থিত হৈ বিছাসমূহ মাৰি পেলাবলৈ সক্ষম হয়।