সম্প্ৰীতিৰ নিদৰ্শন! বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ চন্দন কাঠ আগবঢ়ালে এগৰাকী মুছলমান লোকে…

নিউজ ডেস্কঃ জীৱিত কালত জাতি-ধৰ্ম নিৰ্বিশেষে মানৱতাক প্ৰাধান্য দিয়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাই মহাপ্ৰয়াণৰ পিছতো যেন দেখুৱাই থৈ গ’ল একতাৰ নিদৰ্শন।

সকলোকে একতাৰ এনাজৰীৰে বন্ধাৰ অহৰহ প্ৰয়াস চলাই জীৱন নাটৰ অৱসান ঘটোৱা বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰতি সাধাৰণ ৰাইজৰ মনত থকা শ্ৰদ্ধা আৰু ভক্তিৰ এক অনন্য নিদৰ্শন দেখা পোৱা গ’ল তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত।

photo1666621525
সম্প্ৰীতিৰ নিদৰ্শন! বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ চন্দন কাঠ আগবঢ়ালে এগৰাকী মুছলমান লোকে… 3

সোমবাৰে বুঢ়া সত্ৰীয়াগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে বাহিৰ কৰা অন্তিম শোক যাত্ৰাত অংশ লোৱা দেখা গ’ল অলেখ মুছলমান লোকক।

তদুপৰি বৰপেটাৰ এগৰাকী স্থানীয় মুছলমান ব্যক্তিয়ে বুঢ়া সত্ৰীয়াগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত এডাল বগা চন্দন গছ আগবঢ়াই তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ লগতে সম্প্ৰীতিৰ নিদৰ্শন ডাঙি ধৰিলে।

photo1666621530
সম্প্ৰীতিৰ নিদৰ্শন! বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ চন্দন কাঠ আগবঢ়ালে এগৰাকী মুছলমান লোকে… 4

উল্লেখ্য যে, আজি বৰপেটাৰ ফৰহাদ আলী নামৰ লোকজনে তেওঁৰ ঘৰত ৰোপণ কৰা এডাল বগা চন্দন গছ আগবঢ়ায় সদ্য প্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে।

ফৰহাদ আলীয়ে দেখুওৱা এই সম্প্ৰীতিৰ নিদৰ্শনে এতিয়া মন জয় কৰিছে অসমীয়াৰ।