বিএছএফৰ মুখ্য কাৰ্যালয়ত সতীৰ্থৰ গুলীবৰ্ষত ৫ জোৱানৰ মৃত্যু, আহত কেবাজনাে

পঞ্জাৱৰ অমৃতসৰৰ খাছা গাঁওস্থিত বিএছএফৰ মুখ্য কাৰ্যালয়ত সংঘটিত হ’ল ভয়ংকৰ ঘটনা।

সতীৰ্থ কনিষ্টবলৰ গুলীত নিহত ৫ গৰাকীকৈ বিএছএফ জোৱান।

ইফালে বিএছফৰ প্ৰত্যাক্ৰমণত নিহত হৈছে গুলীবৰ্ষণ কৰা কনিষ্টবলজনো।

G9
বিএছএফৰ মুখ্য কাৰ্যালয়ত সতীৰ্থৰ গুলীবৰ্ষত ৫ জোৱানৰ মৃত্যু, আহত কেবাজনাে 4

এই ঘটনাত আহত হৈছে আন কেইবাজনো বিএছএফৰ জোৱান। আহত সকলৰ এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

বিএছএফৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃত্তিত উল্লেখ কৰা মতে, খাছাস্থিত বিএএছএফৰ ১৪৪ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত সংঘটিত হয় এই গুলীবৰ্ষণৰ ঘটনা।

FNKuFuZXMAIjR8J
বিএছএফৰ মুখ্য কাৰ্যালয়ত সতীৰ্থৰ গুলীবৰ্ষত ৫ জোৱানৰ মৃত্যু, আহত কেবাজনাে 5

চিটি চত্তেপ্পা এছকে নামৰ এজন কনিষ্টবলে আকস্মিকভাৱে গুলীবৰ্ষণ কৰাত ৫ গৰাকী বিএছএফ জোৱানৰ মৃত্যু ঘটে।

সেই সময়ত বিএছএফ জোৱান সকলেও গুলীবৰ্ষণ কৰাত অভিযুক্ত চিটি চত্তেপা এছকেৰো মৃত্যু ঘটে।

আক্ৰমণ-প্ৰত্যাক্ৰমণৰ এই ঘটনাত আহত হৈছে কেইবাগৰাকীও বিএছএফৰ জোৱান।

আহত সকলক গুৰু নানক দেৱ হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও এজনৰ অৱস্থা অধিক সংকটজনক বুলি বিবৃত্তিটোত উল্লেখ কৰা হৈছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত আদালতৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আৰক্ষীয়েও ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

জুইৰ পৰা ৰক্ষা কৰিবলৈ এখন প্ৰকাণ্ড ৰে’ল ঠেলি লৈ গ’ল অগণন লোকে

G7 4
বিএছএফৰ মুখ্য কাৰ্যালয়ত সতীৰ্থৰ গুলীবৰ্ষত ৫ জোৱানৰ মৃত্যু, আহত কেবাজনাে 6

Leave a Comment