অসমঅসমীয়া

চিকিৎসাৰ বাবে আজি মুম্বাইলৈ যাব কিশোৰ

নিউজ ডেস্ক। আজি মুম্বাইলৈ যাব কিশোৰ দাস। মুম্বাইৰ প্ৰিন্স আলী হাস্পতালত চলিব অভিনেতাগৰাকীৰ চিকিৎসা।

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা ২৮ বছৰীয়া অভিনেতা কিশোৰ দাস বৰ্তমান চিকিৎসাধীন হৈ আছে মহানগৰীৰ হেল্থ চিটি হাস্পতালত।

1 2 4

হাস্পতালখনৰ চিকিৎসকে জানিবলৈ দিয়া মতে, কিশোৰক আজি বিয়লিৰ ভাগলৈ চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰা হব।

অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা কিশোৰ দাসৰ চিকিৎসাৰ বাবে ইতিমধ্যে সহায়ৰ হাত আগবঢ়াইছে অগণন লোকে।

শিল্পী জুবিন গাৰ্গ, জয়ন্ত কাকতিকে ধৰি বহু লোকে অভিনেতাগৰাকীৰ সহায়ৰ বাবে ৰাইজক আহ্বান জনাইছে।

মুম্বাইত চিকিৎসা চলাই অতি সোনকালে সুস্থ হৈ উঠক কিশোৰ, সেয়াই কামনা কৰিছে সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *