অসম

‘বালিমাহীৰ কবি’ ধনেশ্বৰ ইংতিলৈ ‘পদ্মশ্ৰী’ সন্মান…

ঘোষণা কৰা হৈছে পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ বঁটা।

বিভিন্ন ক্ষেত্ৰৰ মুঠ ১২৮ গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে এই বঁটা।

লক্ষণীয় যে, এই সন্মান লাভ কৰা ৩৪ গৰাকী মহিলা।

ইয়াৰে ৪ গৰাকীয়ে লাভ কৰিছে পদ্মবিভূষণ, ১৭ গৰাকীয়ে পদ্মভূষণ আৰু ১০৭ গৰাকী ব্যক্তিক দিয়া হৈছে পদ্মশ্ৰী বঁটা।

উল্লেখযোগ্য যে, এই তালিকাত পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে দুগৰাকী অসমীয়াক।

বিশিষ্ট সমাজকৰ্মী শকুন্তলা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিক সন্মানিত কৰিছে পদ্মশ্ৰী সন্মানেৰে।

ৰাজ্যৰ অন্যতম পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিশিষ্ট কবি, সুলেখক ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱাৰ পাছতে কাৰ্বি আংলঙত দেখিবলৈ পোৱা গৈছে আনন্দৰ লহৰ। 

সুদীৰ্ঘ দিন ধৰি নিৰলস সাহিত্য সাধনাৰে ৰাজ্যৰ সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা কবিগৰাকীলৈ ভাৰত চৰকাৰে এইবেলি আগবঢ়াইছে সন্মানজনক পদ্মশ্ৰী বঁটা।

অসমীয়া, কাৰ্বি আৰু ইংৰাজী ভাষাত সমানে কবিতাৰ চৰ্চা কৰি অহা বিশিষ্ট কবিগৰাকীৰ কেইবাখনো কবিতা পুথিয়ে ইতিমধ্যে পাঠকৰ সমাদৰ লাভ কৰিছে। 

ʼবালীমাহীʼ শীৰ্ষক কাব্য সংকলেনেৰে কাব্যপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ধনেশ্বৰ ইংতি সকলোৰে মাজত ʼবালিমাহীৰ কবিʼ কবি হিচাপেও পৰিচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *