ৰাষ্ট্ৰীয়

প্ৰয়াত চিডিএছ জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান…

প্ৰয়াত চিডিএছ জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ঘোষণা কৰিলে পদ্ম বঁটা ২০২২।

সেই অনুসৰি জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে পদ্মবিভূষণ সন্মান।

উল্লেখ্য যে, ৮ ডিচেম্বৰ, ২০২১ত বিপিন ৰাৱটৰ মৃত্যু হৈছিল।

এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত মৃত্যু হৈছিল ৰাৱাটৰ।

ইফালে, অসমৰ দুগৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে।

১০০ বছৰৰো অধিক বয়সৰ মহিলা সমাজকৰ্মী শকুন্তলা চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিক এই সন্মান প্ৰদান কৰা কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *