অসম

আৰক্ষী বিষয়াৰ ৰিভলভাৰ কাঢ়ি পলোৱাৰ চেষ্টা, গুলীবিদ্ধ চোৰাং চিকাৰী…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

আৰক্ষীৰ গুলীত আহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সৈতে জড়িত থকা বিশ্বনাথৰ চগুৰি নিবাসী নবীৰ হুছেইন (৩২)।

যোৱা ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হৈছিল খড়্গবিহীন এটা গঁড়ৰ মৃতদেহ।

ইয়াৰ পিছতে বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই গঁড় হত্যাৰ অভিযোগত বিশ্বনাথ চগুৰিৰ নবিৰ হুছেইন নামৰ এটা চোৰাং চিকাৰীক আটক কৰিছিল।

সোধা-পোছাৰ অন্তত মঙলবাৰে সন্ধিয়াৰ ভাগত গঁড় হত্যাস্থলীলৈ লৈ যোৱা হয় চোৰাং চিকাৰীটোক।

কিন্তু সেই সময়তে কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰ এলেকাত বোকাখাত থানাৰ অ’চি বিতোপন চেতিয়াৰ ৰিভলভাৰ কাঢ়ি পলোৱাৰ চেষ্টা কৰে চোৰাং চিকাৰীটোৱে।

পৰিণতিত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় চোৰাং চিকাৰী নবিৰ হুছেইনক।

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় চোৰাং চিকাৰীটো।

ইপিনে এই ঘটনাত আহত হয় দিব্যজ্যোতি হাজৰিকা নামৰ এজন আৰক্ষীৰ লোক।

আহত দুয়োজনকে কঁহৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *