অসম

বান বিধ্বস্ত এলেকাত বোকা পানী গচকি নিজৰ কৰ্তব্য পালন কৰি চৰ্চাত এগৰাকী উপায়ুক্ত

ৰেড কাৰ্পেটত নহয়, বোকাত খোজ কাঢ়ি চৰ্চা এগৰাকী উপায়ুক্ত।

শেহতীয়াভাৱে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে এগৰাকী উপায়ুক্তই।

উপায়ুক্ত গৰাকী হৈছে কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জাল্লি।

image 99

বান বিধ্বস্ত এলেকাত অতি কীৰ্তি জল্লিয়ে সাধাৰণভাৱে জনতাৰ সেৱাত ব্যস্ত হৈ পৰা কেইখন মান ফটো এতিয়াই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

খালি ভৰিৰে বোকা পানীৰ মাজেৰে খোজ কাঢ়ি বন্যাৰ্তৰ খবৰ লোৱা ফটোয়ে ফেচবুকত চৰ্চা লাভ কৰিছে।

image 100

উপায়ুক্ত হোৱাৰ পিছতো তেওঁৰ এনে সাধাৰণ ব্যৱহাৰে সকলোৰা মন জয় কৰিছে। যেন সাধাৰণ হৈয়ো অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী তেওঁ।

সচাঁ অৰ্থৰ অসামৰিক প্ৰশাসনিক বিষয়া হিচাপে দায়িত্ব সম্পাদন কৰা বাবে কীৰ্তি জাল্লিক এতিয়া সকলোৱে প্ৰসংশাৰে উপচাই পেলাইছে।

উল্লেখ্য যে, এই গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াই কৰ’ণা মহামাৰীৰ সময়ত নিজৰ বিবাহৰ বাবেও এদিনৰো ছুটি লোৱা নাছিল।

image 102

বৰঞ্চ দৰাক চৰকাৰী কোৱাৰ্টাৰলৈকে মাতি আনি বিয়াত বহিছিল।

আনকি বিবাহৰ সময়ত আন্তঃৰাজ্যিক যাতায়ত বন্ধ হৈ থকাৰ বাবে পিতৃ মাতৃৰ আশিৰ্বাদৰ পৰাও বঞ্চিত হৈছিল।

লগতে চাওকঃ

IPL ৰ জুৱা খেলৰ নামত গ্ৰাহকৰ FD ৰ ১.২৫ কোটি আত্মসাৎ ডাক বিষয়াৰ! গ্ৰেপ্তাৰ

G2 14

Leave a Reply

Your email address will not be published. Required fields are marked *