বান বিধ্বস্ত এলেকাত নিজেই বাইক চলাই পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুই…

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছতেই বান বিধ্বস্ত এলেকা সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলে।

মঙ্গলবাৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে যোৱা ৩১ জুলাইত জীয়াঢলৰ ভয়াবহ বানে উটুৱাই নিয়া কুমতীয়া সোঁপাৰৰ মঠাউৰী বগলীজান সাপেখাতি অংশ পৰিদৰ্শন কৰে।

image 16
বান বিধ্বস্ত এলেকাত নিজেই বাইক চলাই পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুই... 3

নিজেই বাইক চলাই গৈ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে।

ধেমাজি উপায়ুক্ত অসীম কুমাৰ ভট্ৰাচায্য, জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্ত্ৰা বদন গোস্বামী, সহকাৰী অভিযন্ত্ৰা সুব্ৰত দাসৰ সৈতে প্ৰায় ৭০ মিটাৰ ভগ্ন মঠাউৰি অংশ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে পানী শুকুৱাৰ লগে লগেই মথাউৰী মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

image 17
বান বিধ্বস্ত এলেকাত নিজেই বাইক চলাই পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ৰণোজ পেগুই... 4

সাপেখাতি, কুমতীয়া নৈ ছিঙা অংশ পৰিদৰ্শন কৰি মটৰচাইকেলেৰে চমৰাজান মথাউৰিৰে গৈ ৰ্স্বণপীট উচ্চতৰ মাধ্যমিক বিদ্যিলয়ত স্হাপন কৰা বানাক্ৰান্তৰ আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷