কমনৱেলথ গেমছত আজি পদক জয়ৰ লক্ষ্যৰে ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই…

কমনৱেলথ গেমছত আজি পদক জয়ৰ লক্ষ্যৰে ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই।

কমনৱেলথ গেমছত আজি কোৱাৰ্টাৰ ফাইনেল মেচ খেলিব লাভলীনাই।

মেচখনত জয় লাভ কৰিলেই পদক নিশ্চিত হ’ব অসম কন্যাৰ।

ভাৰতীয় সময় অনুসৰি নিশা ১১ঃ১৫ বজাত লাভলীনাৰ মেচ অনুষ্ঠিত হ’ব।

মেচখনত লাভলীনাৰ প্ৰতিপক্ষ হ’ব ৱেলছৰ ৰোছি ইকলছ।

কোৱাৰ্টাৰ ফাইনেলৰ এই মেচখনত জয়ী হ’লেই লাভলীনাৰ ব্ৰঞ্জৰ পদক নিশ্চিত হ’ব।

৬৬ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰা লাভলীনাই ইয়াৰ পূৰ্বে প্ৰী কোৱাৰ্টাৰ ফাইনেলত নিউজিলেণ্ডৰ আৰাইন নিকলছনক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখ্য যে, আজিৰ মেচত লাভলীনাৰ প্ৰতিদ্বন্দি ৱেলছৰ ৰোছি ইকলছ ২০১৮ চনৰ কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী বক্সাৰ।

লাভলীনাক লৈ এতিয়া আশাবাদী সমগ্ৰ ভাৰতীয়।