অতি শোকাৱহ! পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটি কণমানিৰ…

এক শোকাৱহ ঘটনা।

পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটি কণমানিৰ।

বিশ্বনাথৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ তিনিসুতি বিৰিজানত সংঘটিত হৈছে এই শোকাবহ ঘটনা।

জানিব পৰা দুদুল কৰ্মকাৰ নামৰ এজন লোকৰ পুখুৰীত গা ধুবলৈ গৈছিল তিনিটা শিশু।

ইয়াৰে নয়ন জ্যোতি কৰ্মকাৰ (৮) আৰু অশোক ওৰাং (৯) নামৰ শিশু দুটা গভীৰ পানীত সোমাই পৰে।

ফলত শিশু দুটিৰ কৰুণ মৃত্যু ঘটে। অৱশ্যে আনটো শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

লগে লগে হুৱা দুৱা লাগে আৰু স্হানীয় ৰাইজে শিশু দুটাক স্হানীয় চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে দুয়োটা শিশুৰে মৃত্যু হোৱা বুলি সদৰি কৰে।