বান পৰিদৰ্শনৰ পিছতে হঠাতে ত্ৰিপুৰাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দেওবাৰে পুৱাই ত্ৰিপুৰাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী তথা নেদাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।

শনিবাৰে সমগ্ৰ দিন নামনি অসমৰ বিভিন্ন স্থানত বান পৰিস্থিতি পৰিদৰ্শন কৰি দেওবাৰে পুৱাই ত্ৰিপুৰাত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা।

পুৱাই উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীক আগৰতলা মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বিমানবন্দৰত উষ্ম আদৰণি জনাই ৰাজ্যখনৰ বিজেপি কৰ্মকৰ্তাই।

95
বান পৰিদৰ্শনৰ পিছতে হঠাতে ত্ৰিপুৰাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3

উল্লেখ্য যে, ৰাজ্যখনৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন।

উপ নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ পৰিপেক্ষিতত বিজেপি কৰ্মকৰ্তাসকলৰ মাজত দেখিবলৈ পোৱা গৈছে প্ৰবল আত্মবিশ্বাস আৰু উৎসাহ।

অহা ২৩ জুনত ৰাজ্যখনৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ’ব উফ নিৰ্বাচন। সমষ্টিকেইটা হৈছে- আগৰতলা, টাউন বাৰদোৱালি, সুৰমা আৰু যুৱৰাজনগৰ।

আজি নেদাৰ আহ্বায়ক গৰাকীয়ে আগৰতলাত প্ৰায় ৩ টা ৰেলী আৰু এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।

উল্লেখ্য ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী মাণিক সাহো আছে এই উপনিৰ্বাচনৰ দৌৰত। বিপ্লৱ কুমাৰ দেৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছিল ৰাজ্যসভাৰ সাংসদ মাণিক সাহাক।

সাহাই টাউন বাৰদোৱালি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। এই উপ নিৰ্বাচনত ৪টা সমষ্টিত মুঠ ২২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে।

উল্লেখ্য যে, কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে প্ৰলয়ংকাৰী বানৰ।

চলিত বৰ্ষত বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ ফলত ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। শনিবাৰৰ দিনটোত প্ৰাণ হেৰুৱাই ৮ জনে।

ইতিমধ্যে ৩২ খন জিলাৰ প্ৰায় ৩০.৯৯ লাখ লোক, ৪,২৯৬ আৰু ২০ হেজাৰৰো অধিক হেক্টৰ কৃষিভূমি ভয়ানক ভাৱে ক্ষতিগ্ৰস্ত হৈছে বানপানীত।

এনে পৰিস্থিতিৰ মাজতে উপ নিৰ্বাচনৰ বাবে ত্ৰিপুৰালৈ উৰা মাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লগতে চাওকঃ

..ময়াে যাম! আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

G1 20
বান পৰিদৰ্শনৰ পিছতে হঠাতে ত্ৰিপুৰাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 4