অসম

চৰকাৰ নহয়, একমাত্ৰ আল্লাহ য়ে পৰিত্ৰাণ দিব পাৰিব বানৰ পৰা- বানৰ মাজতেই দোৱা কৰিলে আজমলে…

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি।

শনিবাৰে নিশা যমুনামুখৰ সৰুপথাৰত অস্থায়ী শিবিৰত উপস্থিত হৈ বান পৰিস্থিত বুজ লয় সাংসদ বদৰুদ্দিন আজমলে।

বানাক্ৰান্তৰ দুৰ্দশা বুজ ল’বলৈ গৈ বানৰ মাজতেই দোৱা কৰিলে সাংসদ বদৰুদ্দিন আজমলে।

image 153

লগতে আজমল ফাউণ্ডেচনেও বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

তেওঁ এই সন্দৰ্ভত জিলা প্ৰশাষনৰ বিষয়া সকলৰ লগত আলোচনা মৰ্মে তেওঁৰ ব্যক্তিগত সংস্থা আজমল ফাউণ্ডেচন আৰু মকৰ্জুল মা আৰিফৰ জৰিয়তে বানপিড়ীত লোকক সাহাৰ্য্য আগবঢ়াব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰায়।

image 152

লগতে আজমলে বান বিধ্বস্ত অসমৰ ৰাইজক সকাহ দিবলৈ ১০ হাজাৰ কোটি টকা দিবলৈ প্ৰধান মন্ত্ৰীৰ ওচৰত দাবী জনায় ৷

শেষত বানাক্ৰান্ত লোকৰ মংগল কামনাৰ্থে পানীত নামি আল্লাহৰ ওচৰত দোৱা কৰে এ আই ইউ ডি এফ প্ৰধান বদৰউদ্দিন আজমলে।

তেওঁ কয়- চৰকাৰ নহয়, একমাত্ৰ আল্লাহ য়ে পৰিত্ৰাণ দিব পাৰিব বানৰ পৰা!

লগতে চাওকঃ .

.ময়াে যাম! আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

G1 20