বানপানীৰ সময়ত অসমলৈ লক্ষ্মী আহিছে, চৰকাৰে কৰ পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ ‘বানপানীৰ সময়ত অসমলৈ লক্ষ্মী আহিছে। ভাল কথা। আমি কৰ হোটেলৰ পৰা কৰ পাম। এই সময়তে আমাক পইচা লাগে।’

-মহাৰাষ্ট্ৰৰ ৪০ গৰাকী বিসম্বাদী বিধায়ক গুৱাহাটীত উপস্থিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে নেতৃত্বাধীন চৰকাৰক মহাসংকটত পেলাই বুধবাৰে পুৱাই গুজৰাটৰ পৰা গুৱাহাটীত উপস্থিত হয় ৪০ গৰাকী বিসম্বাদী বিধায়ক।

বৰ্তমান গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক কেইগৰাকী।

photo1655885362
বানপানীৰ সময়ত অসমলৈ লক্ষ্মী আহিছে, চৰকাৰে কৰ পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3

এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বানপানীৰ সময়ত অসমলৈ পৰ্যটক অহাটো এটা পজিটিভ কথাহে।

বান পৰিস্থিতিৰ বাবে এই সময়ত পৰ্যটক অসমলৈ নাহে। কিন্তু লক্ষ্মী আহিছে যেতিয়া অসমে হোটেলৰ পৰা কৰ পাব।

এই সময়তে অসমক বেছি ধনৰ প্ৰয়োজন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

photo1655885414
বানপানীৰ সময়ত অসমলৈ লক্ষ্মী আহিছে, চৰকাৰে কৰ পাবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 4

তেওঁ কয়, ‘এতিয়া সকলো ৰাজ্যৰ আৰু বিদশৰো ৰাজনৈতিক কেন্দ্ৰ যদি গুৱাহাটীত হয়, তেতিয়াও ভাল পাম। এই সময়তে টকা লাগে ৰাজ্য চৰকাৰক।

এই সময়ত যদি হোটেলৰ ৰুম পৰ্যটকৰে ভৰি থাকে, তেন্তে আমি কৰ পাম। এই সময়ত যদি অসমখন খালী হৈ থাকে, তেন্তে আমি কেনেকৈ বানপানীৰ লগত জোৰাটাপলি মাৰিব পাৰিম?’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘লক্ষ্মী যদি আহে, তেন্তে খেদি দিব নেকি? যি ৰাজ্যই লক্ষ্মীক না বুলি কয়, সেই ৰাজ্যই কেতিয়াও উন্নতি কৰিব নোৱাৰে।’

ইফালে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কে গুৱাহাটীত বাহৰ পতাৰ সৈতে তেওঁক কোনো লেনাদেনা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে পাৰিলে তেওঁ ৫-১০ মিনিট কথা পাতিব।