নিউজ ডেস্কঃ জন্ম লাভ কৰিয়েই বিশ্ব অভিলেখৰ গৰাকী হৈছে চিম্বা। ৰাতিটোৰ ভিতৰতে সাধাৰণ লোকৰ পৰা নায়ক হৈ পৰিছে এতিয়া চিম্বাৰ গৰাকী হাছান নাৰেজো। চিম্বাৰ জড়িয়তে তেওঁ লাভ কৰিছে সকলোৰে মাজত পৰিচিতি। চিম্বাক চাবলৈ হেতা ওপৰাৰ সৃষ্টি হৈছে মহম্মদ হাছান নাৰেজোৰ বাসগৃহত। কিন্তু কোন এই চিম্বা?
প্ৰকৃততে চিম্বা হৈছে নুবিয়ান প্ৰজাতিৰ এটা ছাগলী। পাকিস্তানৰ সিন্ধু প্ৰদেশত এই প্ৰজাতিৰ ছাগলী ঘৰে ঘৰে আছে। এইবিধ ছাগলীৰ গাখীৰৰ মূল্য অতি বেছি। লগতে নুবিয়ান ছাগলীৰ গাখীৰৰ পৰা তৈয়াৰ কৰা ক্ৰীম, মাখন, আইচক্ৰীম পাকিস্তানত অতি জনপ্ৰিয়। কিন্তু আচলতে এইবোৰ কাৰণে নহয়, অবিশ্বাস্যভাৱে দীঘল কাণৰ বাবেহে এই চৰ্চা লাভ কৰিছে চিম্বা নামৰ নুবিয়ান প্ৰজাতিৰ ছাগলীটোৱে।

আটাইতকৈ দীঘল কাণৰ গৰাকী হৈ জন্ম লোৱা সূত্ৰেই চিম্বাক গিনিজ কৰ্তৃপক্ষই অতি সোনকালে স্বীকৃতি দিয়াৰো সম্ভাৱনা আছে।
উল্লেখ্য যে, চিম্বাৰ জন্মৰ সময়ত কাণৰ দৈৰ্ঘ্য আছিল ১৯ ইঞ্চি। ছাগলীটোৰ গৰাকী মহম্মদ হাছান নাৰেজোৱে জানিবলৈ দিয়া মতে, ইমান দীঘল কাণৰ বাবে খোজ কঢ়াৰ সময়ত সমস্যাৰো সৃষ্টি হৈছিল ছাগলী পোৱালিটোৰ। যাৰ বাবে তেওঁ ছাগলী পোৱালিৰ অনবৰতে যতন ল’বলগীয়া হয়।

পশু বিজ্ঞানী সকলৰ মতে, নুবিয়ান প্ৰজাতিৰ ছাগলীৰ কাণ সাধাৰণতে অইন ছাগলীতকৈ কিছু দীঘল হয়। পাকিস্তানৰ অতি গৰম এলেকাৰ ৪৭ ডিগ্ৰী চেলছিয়াৰ মাজত এই দীঘল কাণৰ সহায়তে নুবিয়ান ছাগলীয়ে নিজৰ শৰীৰ শীতল কৰি ৰাখে বুলি মত পোষণ কৰে পশু বিশেষজ্ঞ সকলে।
Baby goat "Simba" in Karachi, Pakistan has made a world record with its ears as long as 48 centimeters, very much longer than the normal size of ears.https://t.co/YM9lJZDNtw
— Anadolu Images (@anadoluimages) June 17, 2022
📹: Yousuf Khan pic.twitter.com/z6kZnrbpwl
অৱশ্যে চিম্বা নামৰ ছাগলী পোৱালিটোৰ কাণ আন নুবিয়ান ছাগলীতকৈ অবিশ্বাস্য ধৰণে দীঘল। ছাগলীটোৰ কাণ জিনৰ সমস্যাৰ বাবে ইমান দীঘল হোৱা বুলি দাবী কৰিছে পশু বিশেষজ্ঞ সকলে। দীঘল কাণৰ চিম্বাৰ গৰাকীয়ে আশা কৰিছে যে তেওঁৰ প্ৰিয় পোহনীয়া জন্তুটোৰ নাম অতি সোনকালেই গিনিজ ৱৰ্ল্ড বুকত খোদিত হ’ব।









